প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ১২ ফেব্ৰুৱাৰীত পুনৰ হাজিৰ হোৱাৰ নিৰ্দেশ

ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সফলতাত ভয় খাই বিজেপি চৰকাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে আক্ৰোশমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। ৩১ জানুৱাৰীত প্ৰায় ৩ ঘণ্টা ধৰি যোৰহাট সদৰ থানাত আৰক্ষীৰ দ্বাৰা ভূপেন বৰাক জেৰা কৰোৱা কথাটোৱে বিজেপি চৰকাৰখনৰ ফেচিষ্ট চৰিত্ৰ স্পষ্ট হৈ পৰিছে। অন্যান্য ৰাজ্যত ভাৰত জোড়ো যাত্ৰা হৈছে যদিও ক’তোৱেই চৰকাৰে এনেধৰণেৰে কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশোধপৰায়ণ মনোভাৱ প্ৰকট কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক এইদৰে আৰক্ষীৰ দ্বাৰা হাৰাশাস্তি কৰাইছে। এই অভিযোগ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ ভৰত চন্দ্ৰ নৰহ আৰু সমঅধ্যক্ষ বেদব্ৰত বৰাৰ।

১২ ফেব্ৰুৱাৰীত পুনৰ যোৰহাট আৰক্ষীয়ে ভূপেন বৰাক হাজিৰ হোৱাৰ নিৰ্দেশ দিছে যদিও শোণিতপুৰ জিলাৰ জামুগুৰিহাটত ভূপেন বৰাক আক্ৰমণ কৰা যুৱকজনক এতিয়ালৈকে চৰকাৰে গ্ৰেপ্তাৰ কৰা নাই। এই ঘটনাৰ পৰাই চৰকাৰে যে ফেচিষ্ট নীতি গ্ৰহণ কৰিছে সেই কথা প্ৰমাণ কৰে। ইফালে, ৰাজীৱ ভৱনত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ উপসভাপতি দ্বিজেন শৰ্মাই এক সংবাদমেল সম্বোধন কৰি ভূপেন বৰাৰ ওপৰত চৰকাৰে চলোৱা আতিশয্যাৰ তীব্ৰ নিন্দা কৰে।

প্ৰাক্তন সাংসদ শৰ্মাই চৰকাৰে ভাৰত জোড়ো ন্যায় যাত্ৰাত ভীতিগ্ৰস্ত হৈ কংগ্ৰেছ দলৰ সভাপতিক নিৰ্যাতনৰ লক্ষ্য কৰি লৈছে বুলি উল্লেখ কৰে।

সংবাদমেলত দলৰ আন এগৰাকী উপসভাপতি নৱকুমাৰ তালুকদাৰে অসম আৰক্ষীলৈ আজি এটি তলা আৰু তিনিটা চাবি প্ৰেৰণ কৰে। সংবাদ মেলত কংগ্ৰেছ নেতাজনে অসমৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানক কঠোৰ ভাষাৰে সমালোচনা কৰি শোণিতপুৰ জিলাত অপৰাধীৰ মুক্ত বিচৰণক সুবিধা দিয়া বুলি কয় আৰু জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত তলা মাৰি দিবলৈ পৰামৰ্শ আগবঢ়ায়।

শোণিতপুৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ কোনো কাম নাই বুলিও তালুকদাৰে অভিযোগ কৰে। সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন সাংসদ আব্দুল হামিদ, বলীন কুলী, জ্যেষ্ঠ নেতা মেহদি আলম বৰাও উপস্থিত থাকে। ইয়াৰ পূৰ্বে ৰাজীৱ ভৱনত আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ওপজা দিন পালন কৰা হয়। বিষ্ণুপ্ৰসাদ ৰাভাৰ ওপজা দিনটোত তেখেতক আন্তৰিকতাৰে স্মৰণ কৰা হয়।