হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰত্যুত্তৰ ৰিপুণ বৰাৰ

APCC Prez Ripun Bora's reply over Himanta Biswa Sarma's comment

কৰ’না শেষ হ’লে বিৰোধীক দিনে এশ গ’লকৈ দিম বুলি অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰিপুণ বৰাই ৷

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় “আমি গ’ল দিয়াতো মামূলি কথা ৷ কিন্তু তোমালোকক অসমৰ ৩ কোটি ২১ লাখ মানুহে গাইপতি প্ৰতিদিনে গ’ল দি আছে৷ এতিয়া তুমি হিচাপ কৰা ৩ কোটি ২১ লাখ মানুহে যদি প্ৰতিদিনে গ’ল দিয়ে তোমাক কৰ’নাৰ পৰা আজৰি হৈ সদায় ১০০টাকৈ গ’ল দিলে তুমি কিমান দিনত পূৰণ কৰিব পাৰিবা সেইখিনি৷ সদায় ১০০০কৈ গ’ল দিলেও তুমি মেকআপ কৰিব নোৱাৰা।”

ইপিনে বানপানীক লৈ আমি নিকৃষ্ট ৰাজনীতি কৰা নাই তোমালোকে কৰিছা বুলি উল্লেখ কৰি বৰাই কয়, “পাহৰিছা নেকি ২০১২, ২০১৩, ২০১৪ত তোমালোকৰ বিজেপিৰ নেতাবোৰে মূৰত চিলিণ্ডাৰ লৈ, ঘোঁৰাগাড়ীত উঠি, চাইকেলত উঠি পেট্ৰলৰ দাম কমোৱাত লাগিছিলা, কিন্ত এইফালে অসমৰ বানপানীত ককবকাই মৰিছিল৷ তোমালোকে কৰিলে লীলা আৰু আমি কংগ্ৰেছে কৰিলে ধৰি বান্ধি কিলা।”

বৰাই কয়, “তোমাক আমি জোকোৱা নাই৷ আমি বিৰোধী দল, আমাৰ এইটো দায়িত্ব৷ আমি চৰকাৰৰ ভুল-ট্ৰুটী আঙুলিয়াই দিয়া, গঠনমূলক পৰামৰ্শ দিয়া আমাৰ এইটো দায়িত্ব৷ আমাৰ দায়িত্ব পালন কৰিলে তুমি যদি ভাবা তোমাক জোকাই লৈছে, মই কি কৰিম, চোৰৰ মন সদায় পুলিচ পুলিচ৷ আৰু তুমি তেনেকৈয়ে ভাবিবা।”

হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাই বৰাই কয়, “দেৱালৰ লিখন পঢ়ক, চমক সৃষ্টি নকৰিব৷ বানপানীতো আপোনালোকে চমক সৃষ্টি কৰিলে। সকলোতে কৰে চমক সৃষ্টি।”

অসমৰ বানপানী ৰোধৰ বাবে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰ খনন কৰি ১ লাখ কোটি টকা বিনিয়োগ কৰি দুয়োপাৰে আমি এস্কপ্ৰেছ হাইৱে কৰিম– এয়া চমক নহয় কি বুলি প্ৰশ্ন কৰে বৰাই৷

ইফালে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সমালোচনা কৰি বৰাই কয় “সোণোৱাল ডাঙৰীয়া আপুনি ক’লে যে মই ড্ৰেজাৰেৰে ব্ৰহ্মপুত্ৰ খনন কৰিম বানপানী নিয়ন্ত্ৰণৰ কাৰণে৷ অসমৰ মানুহে খুব ভাল পালে৷ আজি চাৰে চাৰি বছৰ হ’ল ড্ৰেজাৰ আহি নাপালেহি৷ আৰু ছয় মাহ পিছত আপুনি দিচপুৰ খালী কৰিব, ড্ৰেজাৰ কেনেকৈ আহিব ক’ৰ পৰা আহিব? এতিয়াতো আহিব নোৱাৰে সকলো কথাতে কৰ’না আৰু লক ডাউন।”