NORTHEAST NOW (Assamese)

বঙালী জাতিৰ বিষয়ে দিয়া মন্তব্যৰ বাবে নীলমণি সেন ডেকালৈ প্ৰদেশ কংগ্ৰেছৰ কাৰণ দৰ্শোৱাৰ জাননী

November 18, 2019 8:30 pm · এন ই নাও নিউজ
নীলমণি সেন ডেকা

প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই বিগত ১৭ নৱেম্বৰত বঙালী জাতিৰ ওপৰত দিয়া বিতৰ্কিত মন্তব্যৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ডেকালৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

১৭ নৱেম্বৰত অসম সচিৱালয়ৰ সন্মুখত ডেকাই বৈদ্যুতিন সংবাদ মাধ্যমৰ আগত বঙালী জাতিক আশালীন শব্দৰে অভিযুক্ত কৰিছিল বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ পত্ৰত উল্লেখ কৰা হয়।

‘‘আপুনি বিগত ১৭ নৱেম্বৰত অসম সচিবালয়ৰ সন্মুখত বেদ্যুতিন সংবাদ মাধ্যমৰ আগত দিয়া বক্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ দৃষ্টিগোচৰ হৈছে। উক্ত সাক্ষাৎকাৰত আপুনি একপক্ষীয়ভাৱে সমগ্ৰ ‘বঙালী’ জাতিটোক আশালীন শব্দৰে অভিযুক্ত কৰিছে। দেশৰ আটাইতকৈ পুৰণি ধৰ্মনিৰপেক্ষ দল হিচাপে আপোনাৰ মন্তব্য কংগ্ৰেছ দলৰ নীতি আদৰ্শ বিৰোধী। যাৰ ফলত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ দলীয় সতীৰ্থৰ লগতে সমগ্ৰ বঙালীভাষী ৰাইজৰ মাজত ব্যপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে,’’ প্ৰদেশ কংগ্ৰেছৰ পত্ৰত উল্লেখ কৰে।

আনহাতে, প্ৰদেশ কংগ্ৰেছ কমিটীয়ে নীলমণি সেন ডেকাক পত্ৰ প্ৰাপ্তিৰ ৩ দিনৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈও নিৰ্দেশ দিয়ে অন্যথা দলীয় সংবিধান অনুসৰি দলে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি কয়।

Related News