NORTHEAST NOW (Assamese)

আদানীৰ সৌৰ কেলেংকাৰী পোহৰলৈ অহাৰ ভয়! সন্দেহৰ আৱৰ্তত থকা তথ্য দিবলৈ অস্বীকাৰ ‘এপিডিচিএল’ৰ

December 12, 2024 8:10 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: December 12, 2024 7:38 pm

আমেৰিকাৰ আদালতত উন্মোচিত হোৱা আদানি উৎকোচ কেলেংকাৰিক লৈ দেশৰ ৰাজনীতি এতিয়া উত্তাল। এই কেলেংকাৰিত আদানিৰ লগতে সাঙোৰ খাইছিল এজুৰ পাৱাৰ প্রাইভেট লিমিটেড আৰু আৰু ভাৰতীয় সৌৰ শক্তি নিগমৰ। এক মেগাৱাটত ২৫ লাখ টকা পর্যন্ত উৎকোচ দি ভাৰতীয় সৌৰ শক্তি নিগমৰ পৰা অধিক দৰত সৌৰ শক্তি ক্রয় কৰোৱা হৈছিল। এই সৌৰ শক্তি আদানি গ্রীণ আৰু এজুৰ পাৱাৰে উৎপাদন কৰিছিল।

আমেৰিকাৰ আদালতৰ নথি অনুসৰি অন্ধ্রপ্রদেশকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যত এই কেলেংকাৰি সংঘটিত হৈছিল। এই সময়তে অসমেও ভাৰতীয় সৌৰ শক্তি নিগম আৰু এজুৰ পাৱাৰৰ পৰা সৌৰ শক্তি ক্ৰয়ৰ চুক্তি কৰিছিল। স্বাভাৱিকতে আমেৰিকাৰ আদালতত উল্লেখ থকা বিভিন্ন ৰাজ্যৰ ভিতৰত অসমো থকাৰ সম্ভাৱনা আছে। কিন্তু ভাৰতীয় সৌৰ শক্তি নিগম আৰু এজুৰ পাৱাৰৰ পৰা ক্ৰয় কৰা শক্তি ক্ৰয়ৰ চুক্তি বিচাৰি কৰা আইটিআই আবেদন অগ্রাহ্য কৰিছে এপিডিচিএলে।

ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই এপিডিচিএলৰ পৰা এজুৰ পাৱাৰ আৰু ভাৰতীয় সৌৰ শক্তি নিগমৰ লগত হোৱা শক্তি ক্ৰয়ৰ চুক্তিৰ প্ৰতিলিপি বিচাৰি কৰা আবেদনৰ তথ্য এপিডিচিএলে আৰটিআই আইনৰ ৮(১) (ঘ) ধাৰাৰ অধীনত দিব নোৱাৰি বুলি অগ্রাহ্য কৰিছে। এই দফা অনুসৰি বাণিজ্যিক গোপনীয়তাৰ বাবে কোনো কর্তৃপক্ষই আৰটিআইৰ অধীনত তথ্য নিদিবও পাৰে। কিন্তু একেটা দফাতে অতি স্পষ্টভাবে উল্লেখ আছে যে যদিহে ৰাজহুৱা স্বার্থজড়িত থাকে, তেন্তে সেই তথ্য আৰটিআইৰ অধীনত প্রদান কৰিব লাগে। এপিডিচিএলে শক্তি ক্ৰয় কৰাৰ কথাটো নিশ্চিতভাৱে এক ৰাজহুৱা স্বার্থজড়িত বিষয়। আমেৰিকাৰ আদালতত সৌৰ শক্তি ক্ৰয়ৰ কেলেংকাৰিৰ কথা তথ্যসহকাৰে ফাদিল হোৱাৰ পাছত এপিডিচিএলৰ সৌৰ শক্তি ক্ৰয়ৰ তথ্য আৰু অধিক ৰাজহুৱা স্বার্থজড়িত বিষয় হৈ পৰিছে।

Related News