• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যোৰহাট-শিৱসাগৰবাসীৰ বাবে ভাল খবৰ : নীতিন গাডকাৰীয়ে মানিবলৈ বাধ্য হ’ল গৌৰৱ গগৈৰ দাবী

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 12, 2024 7:18 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা লোকসভা নিৰ্বাচনত ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুসৰি যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে অন্যান্য বিষয়ৰ লগতে যোৰহাট-শিৱসাগৰৰ মাজৰ বিধ্বস্তপ্ৰায় ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কাম ভালদৰে আৰম্ভ কৰি শেষ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰন্তৰ ভাবে দাবী জনাই আহিছে।

উক্ত পথচোৱা নিৰ্মাণৰ নামত যোৱা কেইবাবছৰ ধৰি কেন্দ্ৰীয় চৰকাৰৰ বিভাগ আৰু ঠিকাদাৰ সকলে চৰম অৱহেলা আৰু হেমাহি প্ৰদৰ্শন কৰি আহিছিল। যাৰ বাবে পথ নিৰ্মাণৰ নামত ৰাষ্ট্ৰীয় ঘাইপথটি পুখুৰী আৰু পথাৰৰলৈহে পৰ্যবসিত হৈছিল। ইয়াৰ পৰিণতিত যোৰহাট লোকসভাৰ লগতে সমগ্ৰ উজনি অসমৰ জনগণে যাতায়তৰ নামত জীয়াতু ভুগিছিল। ইতিমধ্যেই এই পথচোৱাৰ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ  তিনিবাৰকৈ সলনি হৈছে।

Apply Now

গৌৰৱ গগৈ যোৰহাটৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাচতেই তেখেতে যোৱা ৩০ জুন,২০২৪ তাৰিখে যোৰহাট-জাঁজীৰ বিধ্বস্তপ্ৰায় পথচোৱাত নিজে খোজকাঢ়ি ৰাইজে ভূগি থকা যমৰ যাতনাৰ এজন নাগৰিকৰ সংবাদদাতা (citizen journalist) হিচাবে এক ভিডিঅ’ বাৰ্তাযোগে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াৰ সন্মুখত দাঙি ধৰিছিল। তাৰোপৰি নৱ-নিৰ্বাচিত সাংসদসকলৰ প্ৰথমখন বৰ্ষাকালীন অধিবেশনতে সাংসদ গগৈয়ে বিষয়টো উত্থাপন কৰিছিল আৰু ২৪ জুলাই, ২০২৪ তাৰিখে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰাৱস্হা আৰু বিভাগীয় বিষয়া তথা ঠিকাদাৰৰ চুড়ান্ত হেমাহিৰ বিষয়ে স্মাৰক প্ৰত্ৰ প্ৰদান কৰাৰ লগতে নিজে কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীক সাক্ষাৎ কৰি সবিশেষ অৱগত কৰিছিল়।

যাৰ ফলস্বৰূপে নীতিন গাডকাৰীয়ে নিজেই অসমলৈ আহি উক্ত পথচোৱা নিজে আহি পৰিদৰ্শন কৰাৰ কথা দিছিল। আৰু প্ৰয়োজন অনুসৰি নতুন ঠিকাদাৰক দায়িত্ব দি হলেও নিৰ্মাণৰ কাম কৰিব বুলি আশ্বাস দিছিল।

এইবাৰ শীতকালীন অধিবেশনত আজি পুনৰ সংসদত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উক্ত অংশটোৰ  নিৰ্মানৰ কাম সম্পূৰ্ণ হোৱাত  পলম হোৱাৰ বিষয়টো সাংসদ গৌৰৱ গগৈয়ে সংসদত উত্থাপন কৰে। ইয়াৰ উপৰিও  ৰাষ্ট্ৰীয় পথত ষ্ট্ৰীট লাইট আৰু ফগ লাইটৰ অভাৱে অঞ্চলটোত পথ দুৰ্ঘটনা বৃদ্ধিত অৰিহণা যোগোৱাৰ গভীৰ বিষয়টোও উত্থাপন কৰে।।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ সন্দৰ্ভত সংশ্লিষ্ট বিভাগৰ মন্ত্ৰী গাডকাৰীয়ে সদনত উল্লেখ কৰে যে পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত সৃষ্টি হোৱা ঠিকাদাৰৰ সমস্যা বৰ্তমান সমাধান হৈছে আৰু তেওঁ আশা ব্যক্ত কৰে যে অহা ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই পথছোৱাৰ কাম সম্পূৰ্ণ হ’ব। ইয়াৰোপৰি আনুষংগিক বিষয়ৰ প্ৰশ্নৰ উত্তৰতো মন্ত্ৰী গৰাকীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে ।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd