NORTHEAST NOW (Assamese)

বৰ্খাস্ত ৪৩ গৰাকী বিষয়াৰ আবেদনৰ শুনানি গ্ৰহণ উচ্চ ন্যায়ালয়ৰ ||এ’ পি এচ চি কাণ্ড

June 18, 2019 8:07 pm · অনিৰ্বাণ পাঠক
Updated: June 18, 2019 8:10 pm
শুনানিৰ পিছত আদালতৰ বাহিৰত নলিন ক’হলি। ছবি- ইউ বি।

“ধনৰ বিনিময়ত” এ’ পি এচ চিৰ চাকৰি লোৱাৰ অভিযোগত বৰ্খাস্ত হোৱা ৪৩গৰাকী বিষয়াই দাখিল কৰা আবেদনৰ মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰে।

অহা ৩০ জুলাইত আবেদন সন্দৰ্ভত পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এন ক’টিশ্বৰ সিঙৰ আদালতত মঙলবাৰৰ শুনানি অনুষ্ঠিত হৈছিল।

ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাসকলৰ ভিতৰত অসম অসামৰিক সেৱাৰ ২৪ গৰাকী, অসম আৰক্ষী সেৱাৰ ৮ গৰাকী, কৰ বিভাগৰ ৫ গৰাকী, পৰিবহণ বিভাগৰ ৩ গৰাকী আৰু শ্ৰম বিভাগৰ পৰা বৰ্খাস্ত হোৱা দুগৰাকী অভিযুক্ত আছে।

অসম চৰকাৰৰ হৈ মঙলবাৰৰ শুনানিত দেশৰ অতিৰিক্ত ন্যায়াভিকৰ্তা মনিন্দৰ সিং আৰু অসম চৰকাৰৰ অতিৰিক্ত মহাধিবক্তা নলিন ক’হলিয়ে যুক্তি প্ৰদৰ্শন কৰে।

গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰা এ’ পি এচ চি গোচৰত অভিযুক্তসকলৰআবেদনৰ তালিকা।

 

Related News