NORTHEAST NOW (Assamese)

আজি মুকলি কৰি দিয়া হ’ব অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰৱেশ পত্ৰ

December 15, 2018 2:03 pm · এন ই নাও নিউজ
Updated: December 15, 2018 2:08 pm
প্ৰতিনিধিত্বমূলক ফটো

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক (প্ৰাৰম্ভিক)পৰীক্ষা ২০১৮’ বৰ্ষৰ প্ৰৱেশ পত্ৰসমূহ আজি ইয়াৰ ৱেবছাইযোগে মুকলি কৰি দিয়া হ’ব। এই পৰীক্ষাৰ বাবে আবেদন কৰা পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহ অসম লোকসেৱা আয়োগৰ ৱেবছাইট http://www.apsc.nic.in ৰ পৰা ডাউনলোড কৰি ল’ব পাৰিব।

উল্লেখযোগ্য যে অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক (প্ৰাৰম্ভিক) ২০১৮’ বৰ্ষৰ পৰীক্ষা অহা ৩০ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব। পূৰ্বে এই পৰীক্ষা যোৱা ২৪ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া আছিল যদিও ইয়াক ৩০ ডিচেম্বৰলৈকে পিছুৱাই দিয়া হয়। আনহাতে, আয়োগে সেইবাৰ ১২ নৱেম্বৰৰ পৰা ২৪ নৱেম্বৰৰ ভিতৰত উপলব্ধ হোৱাকৈ প্ৰৱেশ পত্ৰসমূহ মুকলি কৰি দিছিল।

ইপিনে, পূৰ্বতে যিসকলে প্ৰৱেশ পত্ৰ ডাউনলোড কৰিছিল তেওঁলোকে পুনৰ প্ৰৱেশ পত্ৰ ডাউনলোড কৰাৰ প্ৰয়োজন নাই যদিও নিশ্চিত কৰিবলৈ আয়োগৰ ৱেবছাইটৰ সক্ৰিয় হৈ পৰাৰ পাছত পুনৰ প্ৰৱেশ পত্ৰ ডাউনলোড কৰি চাব পাৰে।

পৰীক্ষাৰ্থীসকলে প্ৰৱেশ পত্ৰ ডাউনলোড কৰাৰ পাছতে ইয়াক পৰীক্ষা কৰি চাই কিবা বিসংগতি পালে শীঘ্ৰেই আয়োগৰ কাৰ্যালয়ত যোগাযোগ কৰি শুদ্ধ কৰি ল’ব পাৰিব।

Related News