মানছেলেকাৰ প্ৰাকৃতিক পৰিৱেশত মঞ্চস্থ হ’ল ৰয়েন্তি ৰাভাৰ এক ব্যতিক্ৰমী নাট ‘অৰাবিচি’

index

সুন্দৰ এক মনোৰম প্ৰাকৃতিক পৰিবেশ। বাজিছে বাদুংদুপ্পা, কাৰানল, উঠিছে জাপকাৰ, খ্ৰাম, ব্ৰাংছিঙৰ ঝংকাৰ৷

এই সুন্দৰ পৰিবেশৰ মাজতে চৰ্চা চলিছে লোক নাট্য, লোক সংগীত অৰু লোক বাদ্যৰ৷

গোৱালপাৰাৰ শূলমাৰীৰ পৰা কেই কিলোমিটাৰ মান আঁতৰৰ এখন অখ্যাত গাঁও হাদলাপাৰা৷

সম্প্ৰতি এই অখ্যাত গাঁওখন বিখ্যাত হৈ পৰিছে এটি বিশেষ অনুষ্ঠানৰ বাবে আৰু সেয়া হল মানছেলেকা

এক কথাত ক’বলৈ গ’লে এগৰাকী যুৱতীৰ সাংস্কৃতিক সংগ্ৰামৰ অনবদ্য প্ৰকাশ মানছেলেকা

শেহতীয়াকৈ এই গাঁওখনতে দীৰ্ঘ দিনীয়া লকডাউনৰ মাজতে মঞ্চস্থ হ’ল এখন ব্যতিক্ৰমী নাটক৷

শাৰীৰিক ভংগীমা আৰু জীৱ-জন্তুৰ আচৰণৰ লগতে অতি কম সংলাপৰ মাজেৰে ব্যতিক্ৰমী ৰূপেৰে অৰাবিচি (শেষ ক’ত) নামৰ নাটখন মঞ্চস্থ কৰা হয়।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও সংগীত নাটক একাডেমিৰ বিছমিল্লা খাঁ ৰাষ্ট্ৰীয় যুৱ বটা বিজয়ী ৰয়ন্তী ৰাভাই বিগত কেইবাটাও বছৰৰ পৰা লোক সংগীত, লোক নাট্য আৰু লোক বাদ্য ওপৰত অতি সাহসিকতাৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ কৰাৰ লগতে নতুন প্ৰজন্মক লোক সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে৷

আৰু শেহতীয়াকৈ ৰয়েন্তি ৰাভাই নতুন প্ৰজন্মৰ এচাম যুৱক যুৱতীৰে মানছেলেকাৰ  জৰিয়তে প্ৰাকৃতিক পৰিবেশৰ মাজত মঞ্চস্থ কৰিলে অতি কম শব্দ আৰু সংলাপৰে অৰাবিচি এই নামৰ ব্যতিক্ৰমী নাটখন৷

সততে আনৰ বিচাৰ বুদ্ধিৰে পৰিচালিত হৈ নিজকে সমাজ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ যাওঁতে আনক দমন কৰাটো মানুহৰ স্বভাবত পৰিণত হৈছে৷

যান্ত্ৰিকতাৰ এই জগতখনৰ এনে বহু ঘটনাক কম সংলাপ, শাৰীৰিক ভংগীমা আৰু জীৱজন্তুৰ আচৰণেৰে সুন্দৰকৈ উপস্থাপন কৰা হৈছে অৰাবিচিত৷

মানছেলেকাৰ বাকৰিত বিয়লি ভাগত প্ৰাকৃতিক পৰিবেশত নাটখন উপভোগ কৰে বহু কলামোদী ৰাইজে৷