NORTHEAST NOW (Assamese)

পথ দুর্ঘটনাত মৃত্যু শ্বিলঙৰ আর্কবিশ্বপ ডমিনিক জালাৰ

October 12, 2019 11:44 am · এন ই নাও নিউজ

শ্বিলঙৰ জিলা গীৰ্জাঘৰৰ আৰ্কবিশ্বপ ডমিনিক জালাৰ যোৱা বৃহস্পতিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰত এক পৰ্থ দুৰ্ঘটনাত মৃত্যু হয়।

‘’অতি দুখেৰে সৈতে আমি আপোনালোকক জনাও যে আমাৰ অতি আদৰৰ আৰ্কবিশ্বপ ম’ষ্ট ৰেভাৰেণ্ড ডমিনিক জালাৰ আমেৰিকা যুক্তৰাষ্ট্ৰত সংঘটিত এক কাৰ দুৰ্ঘটনাত মৃত্যু হৈছে,’’-শ্বিলঙৰ জিলা গীৰ্জাঘৰৰ চেঞ্চেলৰ ফাডাৰ জন মাদুৰে কয়।

‘’মৃত আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা জনাওক,’’-তেওঁ লগতে কয়।

জানিব পৰা মতে, আৰ্কবিশ্বপ ডমিনিক জালা আৰু ফাডাৰ মেথিউ ভেল্লানকাল দুয়োগৰাকীৰে আমেৰিকা যুক্তৰাষ্ট্ৰত এখন ছেমি-ট্ৰাকৰ সৈতে কাৰখনৰ সংঘটিত এক ভয়ংকৰ  দুৰ্ঘটনাত মৃত্যু ঘটে।

দুৰ্ঘটনাটো বৃহস্পতিবাৰে নিশা প্ৰায় ১১ বজাত (ভাৰতত পুৱা ১০-৩০ বজাত) সংঘটিত হয় আৰু দুয়োগৰাকীয়ে ফাডাৰ যোচেফ পেৰেক্কাটৰ সৈতে কালিফ’ৰ্ণিয়াৰ ক্লিয়াৰলেকলৈ গৈ আছিল।

‘’তেওঁলোকৰ কাৰ খনে কালিফ’ৰ্ণিয়াৰ কলুছা কাউন্ট্ৰিত এখন ছেমি-ট্ৰাকৰ সৈতে সংঘৰ্ষত পতিত হয়,’’-ওৱাকলেণ্ডৰ জিলা গীৰ্জাঘৰৰ পৰা জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত এইদৰে প্ৰকাশ কৰা হৈছে।

ফাডাৰ যোচেফ পেৰেক্কাটৰ গুৰুতৰভাৱে আহত হৈ হাস্পাতলত চিকিৎসাধীন হৈ আছে।

ৰেভাৰেণ্ড জালা ১৯৫১ চনৰ ১২ জুলাইত মাউলাইত জন্মগ্ৰহণ কৰিছিল।

তেওঁক ১৯৯৯ চনৰ ২২ ডিচেম্বৰত শ্বিলঙৰ আৰ্কবিশ্বপ হিচাপে নিযুক্তি দিয়া হৈছিল আৰু ২০০০চনৰ ২ এপ্ৰিলত আৰ্কবিশ্বপ হিচাপে আনুষ্ঠানিকভাৱে যোগদান কৰিছিল।

Related News