বিবাহপাশত আৱদ্ধ হ’ল অলিম্পিয়ান আৰ্চাৰ দীপিকা আৰু অতনু

অলিম্পিয়ান আৰ্চাৰ দীপিকা কুমাৰী আৰু অতনু দাসে মঙলবাৰে বিবাহপাশত আৱদ্ধ হৈ যুগ্ম জীৱনৰ পাতনি মেলে। ৰাঁচীৰ মোৰহাবাদীস্থিত এটা হলত বিয়াৰ অনুষ্ঠান সম্পন্ন হয়।

বিবাশ পাশত আৱদ্ধ হোৱা পৱিত্ৰ দিনটোত দুয়োগৰাকী খেলুৱৈকে আশীৰ্বাদ দিবলৈ ঝাৰখণ্ডৰ মুখ্য মন্ত্ৰী হেমন্ত ছোৰেন উপস্থিত থাকে।

জানিব পৰা মতে ২০১৮ চনৰ ১০ ডিচেম্বৰতে দুয়োজনৰ আঙঠি পিন্ধা পৰ্ব সম্পন্ন হৈ গৈছিল।

মহামাৰী ক’ৰ’না ভাইৰাছৰ বাবে চৰকাৰে বান্ধি দিয়া নীতি-নিয়ম তথা সামাজিক দূৰত্ব বজাই ৰাখি মঙলবাৰে এই বিয়াখন সম্পন্ন হৈ যায়।

ভাৰতীয় আৰ্চাৰী সংস্থাৰ নৱনিৰ্বাচিত অধ্যক্ষ তথা ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী অৰ্জুন মুণ্ডাই বিয়াত উপস্থিত থাকিব নোৱাৰা বাবে টুইটযোগে দুয়োৰে যুগ্ম জীৱন সুখী হোৱাৰ কামনাৰে শুভকামনা জ্ঞাপন কৰে।

ইয়াৰ উপৰি প্ৰাক্তন মুখ্য মন্ত্ৰী ৰঘুবৰ দাসেও আন্তঃৰাষ্ট্ৰীয় ধনুৰ্বিদ দীপিকাক বৈবাহিক জীৱনৰ শুভেচ্ছা প্ৰদান কৰে।

উল্লেখ্য যে দীপিকা আৰু অতনুৰ বৰ্তমান নজৰ টকিঅ’ অলিম্পিক। দুয়োগৰাকী খেলুৱৈয়ে দ্বিতীয়বাৰৰ বাবে দেশৰ হৈ অলিম্পিকত অংশ ল’ব।

মহামাৰী ক’ৰ’নাৰ বাবে চলিত বছৰত অনুষ্ঠিত হ’ব লগীয়া টকিঅ’ অলিম্পিক অহা বছৰলৈ পিছুৱাই দিয়া হৈছে।

২০১৯ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জনেৰে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা ভাৰতৰ পুৰুষৰ দলটোৰ অন্যতম গুৰুত্বপূৰ্ণ খেলুৱৈ আছিল অতনু দাস।