কেব গৃহীত হ’লে অসমৰ পৰিস্থিতি কি হ’ব সেই বিষয়ে কেন্দ্ৰক কি আশ্বাস দিছিল সৰ্বা-হিমন্তই?

sarbananda-sonowal-with-himanta-biswa-sarma_650x400_41463667122

সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা। ফাইল ফটো

বৰ্তমান ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ ওপৰত বিতৰ্ক চলি আছে আৰু ইপিনে অসম কেব বিৰোধিতাৰে অগ্নিগৰ্ভ হৈ উঠিছে।

নাগৰিকত্ব সংশোধনী বিধেয়কখন সম্পৰ্কে অসমৰ জনসাধাৰণৰ মনৰ ভাষা কেন্দ্ৰই বুজি নাপালে। সেয়েহে বিভিন্ন জাতীয় দল-সংগঠনৰ বিৰোধিতাৰ পাছতো বিজেপিয়ে বিধেয়কখন গৃহীত কৰাৰ বাবে সিদ্ধান্ত ল’লে।

কেন্দ্ৰৰ দেচোৱালী নেতৃত্বৰ চৰকাৰখনৰ অসম তথা উত্তৰ-পূবৰ জনসাধাৰণৰ আবেগ অনুভুতিৰ প্ৰতি যে বিশেষ গুৰুত্ব নাই সেয়া বোধগম্য। কিন্তু আমাৰ অসমৰ নেতৃত্বৰ?

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সেনাপতি হিমন্ত বিশ্ব শৰ্মাই অসমীয়াৰ আবেগ-অনুভুতি বুজি নাপালে কিয়?

ক্ষমতাৰ খকত জাতিটোৰ আবেগ জলাঞ্জলি দি কেন্দ্ৰক বিধেয়কখন উত্থাপনৰ বাবে উৎসাহিত কৰাটো সঁচাকৈয়ে লজ্জাজনক ঘটনা।

এই মুহূৰ্তত ৰাজধানী চহৰখনতে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে স্বত:স্ফুৰ্তভাৱে ওলাই অহা জনতাৰে ৰাজপথ ভৰি পৰিছে।

প্ৰতিবাদকাৰীসকলে একেমুখে ক’বলৈ বাধ্য হৈছে যে দিল্লীৰ জাতিধ্বংসী ষড়যন্ত্ৰক প্ৰশ্ৰয় দিয়া সৰ্বা-হিমন্তই হৈছে এইসময়ত অসমীয়াৰ মূল শত্ৰু।

কিন্তু কি কাৰণে সৰ্বা-হিমন্তই কেন্দ্ৰীয় নেতৃত্বক অসমীয়াৰ স্বাৰ্থৰ বিষয়ে সজোৰে পতিয়ন নিওৱাত ব্যৰ্থ হ’ল। উত্তৰ মাথোঁ এটাই হ’ব পাৰে আৰু সেয়া হৈছে ক্ষমতাৰ মোহ।

অসমীয়াই জাতীয় নায়কৰ সন্মান দিয়া মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সততে নিজকে ৰাজনীতিৰ ৰূপৰেখা তৈয়াৰ কৰাত বিশেষজ্ঞ হিচাপে দখল সাৱ্যস্ত কৰিব বিচৰা হিমন্ত বিশ্ব শৰ্মাই আজিৰ ৰাজপথৰ প্ৰতিবাদী আন্দোলনটোৰ সম্ভাৱনা অনুমান কৰিব নোৱাৰা বুলি ক’লে কোনোবাই বিশ্বাস কৰিবনে?

জানিব পৰা মতে, সৰ্বা-হিমন্তই কেন্দ্ৰক কেব আনিলে ৰাজ্যখনৰ পৰিস্থিতি চম্ভালি ল’ব বুলি কেন্দ্ৰক আশ্বাস দিছিল। যাৰ বাবে অমিত শ্বাহৰ নেতৃত্বত বিজেপিয়ে কেব অনাৰ ক্ষেত্ৰত অসমৰ সম্ভাৱ্য পৰিস্থিতিৰ কথা উপেক্ষা কৰিলে।

স্বাভাৱিকতে প্ৰশ্ন হয় যুটীয়া সংসদীয় কমিটিয়ে অসমলৈ আহোতে ৰাজ্যখনৰ জনসাধাৰণে ব্যাপক ৰূপত বিধেয়কখনৰ বিৰোধিতা কৰি সাক্ষ্য প্ৰদান কৰিছিল।

অসমৰ ৰাইজৰ মতামতক গুৰুত্ব নিদি কিয় জোৰ জবৰদস্তি বিধেয়কখন জাপি দিব বিচৰা হৈছে সেয়া গমি চালে সহজতেই অনুমান কৰিব পাৰি যে সৰ্বা-হিমন্তৰ সেউজ-সংকেত নাপালে সেয়া কেতিয়াও সম্ভৱ নহয়।

আনহাতে, সংবাদ মাধ্যমৰ লগতে বিভিন্ন সময়ত হিমন্ত বিশ্ব শৰ্মাই কেবৰ সমৰ্থন কেবল যে প্ৰচাৰে চলাইছিল এনে নহয়, তেওঁ অসমীয়াৰ আবেগ-অনুভুতিকো প্ৰায়ে ভেঙুচালি কৰি আহিছিল।