বহুতেই ভাবে যে সমবয়সীয়া ব্যক্তিৰ লগত প্ৰেমৰ সম্পৰ্ক বেছিদিন নিটিকে। কিন্তু এই কথা সঁচা নে? অধ্যয়নত দেখা গৈছে যে সমবয়সীয়া প্ৰেমৰ সম্পৰ্ক বেছি দিনলৈকে থাকে। আনহাতে তেওঁলোকৰ প্ৰেম জীৱনটোও তুলনামূলকভাবে সুখী হয়।
সমবয়সীয়া দম্পতীৰ মধুৰ বৈবাহিক জীৱনৰ আঁৰত কেইবাটাও কাৰণ আছে। কিন্তু বহুতে এই মতামত নাকচ কৰিছে। তেওঁলোকৰ মতে সমনীয়াৰ সম্পৰ্কৰ অধিকাংশই অস্থিৰ হৈ পৰে। অৰ্থনৈতিক সমস্যাও ইয়াৰ এক অংগ।
কিন্তু যিসকলে নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰে, পঢ়া-শুনা কৰে আৰু লগতে সম্পৰ্কটোও বৰ্তাই ৰাখে। তেন্তে সেই সংসাৰিক জীৱনত তেওঁলোক সুখী হয়। যদি কোনোবাই কেৰিয়াৰত সফলতাৰ আগতেই বিয়া কৰায় তেন্তে আৰ্থিক সমস্যাৰ সম্ভাৱনা থাকে। আৰ্থিক সমস্যাৰ অৰ্থ হ’ল বৈবাহিক সমস্যা বৃদ্ধি।
সমবয়সীয়া দম্পতী বা প্ৰেমিক-প্ৰেমিকাৰ মাজত থকা প্ৰেমৰ সম্পৰ্ক বেছি গাঢ় আৰু স্থায়ী হোৱাৰ কাৰণবোৰ কি?
একে বয়সৰ দম্পতীয়ে অলপ দুঃসাহসিক কাম ভাল পায়। দুয়োৰে মাজত মৰম আৰু বন্ধুত্বৰ অভাৱ নাথাকে। তেওঁলোকে ভ্ৰমণ কৰি ভাল পায় বা যিকোনো ৰিস্ক লয়।
সমনীয়াৰ ওপৰত সন্দেহ কিছু কম হোৱাৰ প্ৰৱণতা থাকে। ইজনে সিজনৰ হাতত ধৰি কঠিন সমস্যাবোৰ অনায়াসে সমাধান কৰে। কাজিয়া, বিবাদ, বিপদ তুলনামূলকভাৱে কম হয়।
যদি কোনো দম্পতীৰ মাজত বয়সৰ ব্যাপক পাৰ্থক্য থাকে, তেন্তে যিজন বয়সীয়াল তেওঁ বিপৰীত ব্যক্তিৰ সিদ্ধান্তক মূল্য নিদিয়ে। কিন্তু একে বয়সৰ দম্পতীৰ ক্ষেত্ৰত ইজনৰ সিজনৰ প্ৰতি প্ৰেম আৰু সন্মান সমান হয়।
কোনো সমস্যাৰ সন্মুখীন হ’লে সমনীয়াই একেলগে সেই সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ চেষ্টা কৰে। কাৰণ তেওঁলোকৰ চিন্তা-চৰ্চা বহুত মিল থাকে।
সংগীৰ লগত তৰ্ক হোৱাটো স্বাভাৱিক কথা। কিন্তু একে বয়সৰ দুজন ব্যক্তিৰ ক্ষেত্ৰত কাজিয়াবোৰ অতি সোনকালে নিষ্পত্তি হয়। যিহেতু দুয়োৰে বয়সৰ পাৰ্থক্য অতি কম, গতিকে ইজনে সিজনক ভালদৰে বুজি পায়। আচলতে যিকোনো সম্পৰ্কৰ বুজাবুজিয়েই আচল কথা।