NORTHEAST NOW (Assamese)

আফস্পা মুক্ত হ’ব অসম, নাগালেণ্ড, মণিপুৰৰ কেইবাটাও অঞ্চল: জনালে গৃহমন্ত্ৰী অমিত শ্বাহে

March 31, 2022 5:11 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 31, 2022 5:15 pm

অৱশেষত উত্তৰ-পূবৰ কিছু অঞ্চলৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন, চমুকৈ আফস্পা উঠোৱাৰ সিদ্ধান্ত লোৱা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এটা টুইটযোগে এই কথা জনাইছে।

টুইটটোত তেওঁ লিখে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই সিদ্ধান্ত লোৱা হৈছে। এই অনুসৰি নাগালেণ্ড, অসম আৰু মণিপুৰৰ জিলাসমূহৰ পৰা আফস্পা আঁতৰোৱা হ’ব।

বিজেপি চৰকাৰৰ আমোলত উত্তৰপূবত নিৰাপত্তা ব্যৱস্থাৰ উন্নত হোৱাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে বুলি গৃহমন্ত্ৰীয়ে জনাইছে। অমিত শ্বাহে জনোৱা মতে, অহা এক এপ্ৰিলৰ পৰা এই নীতি বলৱৎ কৰা হ’ব।

 

কেন্দ্ৰৰ সিদ্ধান্ত অনুসৰি কাইলৈৰ পৰা অসমৰ ২৩ খন জিলা সম্পূৰ্ণৰূপে আৰু এখন জিলা আংশিকভাৱে আফস্পাৰ প্ৰভাৱৰ পৰা মুক্ত হ’ব।

আনহাতে নাগালেণ্ডৰ সাতখন জিলাৰ ১৫ খন আৰক্ষী থানাৰ পৰা অশান্ত অঞ্চলৰ অধিসূচনা আঁতৰ কৰা হ’ব।

সেইদৰে মণিপুৰৰ ছয়খন জিলাৰ ১৫ খন আৰক্ষী থানা এলেকা অশান্ত অঞ্চলৰ অধিসূচনাৰ পৰা বাদ দিয়া হ’ব।

উল্লেখযোগ্য যে যোৱা বৰ্ষৰ শেহৰফালে নাগালেণ্ডৰ মন জিলাত সেনাবাহিনীয়ে ১৪ জনকৈ নিৰীহ লোকক গুলিয়াই হত্যা কৰাৰ পাছতে আফস্পা বাতিলৰ দাবীত উত্তাল হৈছিল উত্তৰ-পূব।

তদুপৰি যোৱা দুই দশক ধৰি এই আইনৰ বিৰুদ্ধে মানৱ অধিকাৰ কৰ্মীসকল সোচ্চাৰ হৈ আহিছে। তাৰপাছতে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত তাৎপৰ্যপূৰ্ণ হৈ পৰিছে।

Related News