বৰ্তি থকাৰ যুঁজ! মেক্সিকোৰ বিৰুদ্ধে ২-০ গ’লত জয় আৰ্জেণ্টিনাৰ; ছন্দলৈ উভতিল মেছি

আৰ্জেণ্টিনাৰ বাবে আছিল এইখন চলিত বিশ্বকাপত বৰ্তি থকাৰ যুঁজ। লিঅ’নেল মেছি-আনহেল দি-মাৰিয়াৰ দলটোৱে মেচখনত পৰাজিত হ’লেই প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’ব লাগিলেহেঁতেন। কিন্তু এনে ‘ডু অ’ৰ ডাই’ মেচত আৰ্জেণ্টিনাই সুন্দৰ জয়েৰে প্ৰত্যাৱৰ্তন কৰে।

খেলৰ আৰম্ভণিতে আৰ্জেণ্টিনাই নিজৰ হাতলৈ নিয়ন্ত্ৰণ আনিছিল। কিন্তু মেক্সিকোৱেও খেলখনত দমন বজাই ৰাখিছিল। খেলৰ ২৫ মিনিটলৈ ৬৭ শতাংশ বল আৰ্জেণ্টিনাৰ দখলত আছিল। এই সময়ত দুয়োটা দলৰ কোনো দলে লক্ষ্যলৈ ভাল শ্বট ল’ব পৰা নাছিল।

আৰ্জেণ্টিনাই আক্ৰমণৰ পিছত আক্ৰমণ কৰিছিল যদিও মেক্সিকানসকলে আক্ৰমণ প্ৰতিৰোধ কৰিছিল। খেলৰ নিৰ্ধাৰিত ৪৫ মিনিটৰ শেষত ৫ মিনিটৰ ষ্টপেজ টাইম নিৰ্ধাৰণ কৰা হয়। কিন্তু এই সময়তো দুয়োটা দলৰ কোনো দলেই কোনো গ’ল কৰিব নোৱাৰিলে।

দুয়োটা দলে এটাকৈ ফ্ৰী কিক পাইছিল। মেক্সিকোৰ বক্সৰ সোঁফালে পোৱা ফ্ৰী কিকৰ মেছিৰ শ্বটটো গ’লৰক্ষক ওচোৱাই সহজে ৰখাইছিল। আনহাতে, আৰ্জেণ্টিনাৰ বক্সৰ সন্মুখত পোৱা ফ্ৰী কিকটো অলপ ইফাল-সিফাল হ’লেই এটা গ’লত পৰিণত হ’লহেঁতেন। মাৰ্টিনেজে বলটো আয়ত্ব কৰি লৈছিল। তেওঁ সোঁফালে জঁপিয়াই বলটো ধৰিব লগা হয়।  প্ৰথমাৰ্ধত আৰ্জেণ্টিনাই গ’লটো হজম কৰাৰ পৰা কোনোমতে ৰক্ষা পৰে।

অৱশেষত খেলখনৰ ৬৪ মিনিটত ডি-মাৰিয়াই মেছিক সোঁফালৰ পৰা পাছ কৰে। মেছিৰ বাওঁ ভৰিৰ শ্বটটোৱে গ’লৰক্ষক ওচোৱাক পৰাস্ত কৰে আৰু নেটত ধৰা আশ্ৰয় লয়।

আৰ্জেণ্টিনাই গ’লটো পোৱাৰ লগে লগে অধিক আক্ৰমণাত্মক হৈ খেলে। মেছিয়ে জয় নিশ্চিত কৰিবলৈ আন এটা গ’ল কৰাৰ লক্ষ্যত আগবাঢ়ে । ইয়াৰ প্ৰত্যুত্তৰত মেক্সিকোৱেও সমতাৰ বাবে তীব্ৰ চাপ দিয়ে।

৮৭ মিনিটত যুৱ খেলুৱৈ এঞ্জেল ফাৰ্ণাণ্ডেজে বক্সৰ সোঁফালৰ পৰা দুজন ডিফেণ্ডাৰক পাছ কৰি গ’লৰ কোণেৰে বলটো নেটলৈ মাৰি পঠিয়ায়। খেলখন প্ৰকৃততেই মেছিৰ পকেটলৈ আহে। প্ৰথমখন মেচ চৌদি আৰৱৰ হাতত পৰাজিত হোৱাৰ পিছত আৰ্জেণ্টিনাই সুন্দৰভাৱে প্ৰত্যাৱৰ্তন কৰিলে।