নিৰ্বাচনী উত্তাপ চলি থকাৰ মাজতে কোকৰাঝাৰত উদ্ধাৰ অবৈধ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ

Arms-1140x570

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত কচুগাঁওত জংঘল এলেকাৰ পৰা দেওবাৰে আৰক্ষীয়ে অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছে।

কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে কয় যে অবৈধ অস্ত্ৰ-শস্ত্ৰৰ বিষয়ে লাভ কৰা গোপন তথ্যৰ ভিত্তিত আৰক্ষীৰ এটা দলে কচুগাঁও আৰক্ষী থানাৰ অন্তৰ্গত শান্তিপুৰৰ জংঘল এলেকাত তালাচী অভিযান চলাইছিল।

আৰক্ষী উপ-পৰিদৰ্শক লাটুক দাসৰ নেতৃত্বত আৰক্ষী দলটোৱে চলোৱা অভিযানৰ সময়ত জোপোহাৰ তলত লুকাই ৰখা অস্ত্ৰ-শস্ত্ৰসমূহ উদ্ধাৰ কৰে।

আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে যে তালাচী অভিযানৰ সময়ত আৰক্ষীৰ দলটোৱে  মেগাজিনৰ সৈতে এটা এ কে-৪৭ ৰাইফল, মেগাজিনৰ সৈতে এটা ইউ জি ৰাইফল, মেগাজিনৰ সৈতে এটা ৭.৬২পিষ্টল, এটা গ্ৰেনেড, চাৰিটা ডিট’নেটৰ আৰু ১৩ ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰে।

বিটিচিত নিৰ্বাচনী উত্তাপ চলি থকাৰ সময়তে এইদৰে অত্যাধুনিক অবৈধ অস্ত্ৰ-শস্ত্ৰৰ উদ্ধাৰৰ ঘটনাই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।