• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চীনক প্ৰত্যাহ্বান জনোৱাৰ লক্ষ্যৰে ভূটান সীমান্তৰ নাগ্ৰীজুলিত উত্তৰ পূৱৰ ভিতৰতেই বৃহৎ অস্ত্ৰ ভাণ্ডাৰ নিৰ্মাণৰ প্ৰস্তুতি

দীপক কুমাৰ পাঠক, বাক্সা by দীপক কুমাৰ পাঠক, বাক্সা
May 9, 2022 6:46 am
282
VIEWS
Share on FacebookShare on Twitter

 চুবুৰীয়া ৰাষ্ট্ৰ ৰঙা চীনে ভাৰতবৰ্ষৰ সুৰক্ষাৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰা বুলি বিভিন্ন মহলত সততে চৰ্চা চলি থাকে। ইতিমধ্যে বিজ্ঞ মহলত আন এক চৰ্চা অব্যাহত আছে যে ভাৰতৰ আন এখন প্ৰতিবেশী ক্ষুদ্ৰ ৰাষ্ট্ৰ ভুটানৰ সমীপলৈকেও ৰঙা চীনে স্থলপথ নিৰ্মান কৰি ভুটানৰ সৈতে সু সম্পৰ্ক গঢ়ি তোলাৰ চেষ্টা অব্যাহত ৰাখিছে। এনে এক জটিল সন্ধিক্ষণত ভাৰতবৰ্ষৰ চুবুৰীয়া ৰাষ্ট্ৰ ৰঙা চীনক প্ৰত্যাহ্বান জনাই আৰু ৰাষ্ট্ৰখনৰ পৰা আহিব পৰা বিপদ প্ৰতিৰোধ কৰাৰ লক্ষ্য আগত ৰাখিয়েই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা বিভাগে দেশখন সুৰক্ষিত কৰি ৰাখিবলৈ এটাৰ পিছত আন এটাকৈ সুৰক্ষা ব্যৱস্থা তথা সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰি আহিছে। ইয়াৰে এক অংশ হিচাপে চীন তথা ভূটান ৰাষ্ট্ৰৰ চুবুৰীয়া ৰাজ্য অসমৰ এটি অন্যতম অঞ্চল ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰ তথা দেশৰ চোৰাংচোৱা বিভাগৰ বাবে এক গুৰুত্বপূৰ্ণ অঞ্চল হিচাপে চিহ্নিত হৈ পৰিছে।

ভাৰতবৰ্ষৰ চুবুৰীয়া ৰাষ্ট্ৰ ৰঙা চীনকএক প্ৰকাৰ প্ৰত্যহ্বান জনাই যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ আৰু যিকোনো সমস্যা প্ৰতিহত কৰিব পৰাকৈ এক বৃহৎ অস্ত্ৰ ভাণ্ডাৰ স্থাপনৰ বাবে বাছি লৈছে।এটুকুৰা ঠাই। নৱগঠিত তামুলপুৰ জিলাৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত্বৰ কালচেনি নামৰ এখন ঠাই । এই বিশাল অস্ত্ৰ ভাণ্ডাৰ নিৰ্মাণৰ বাবে ইতিমধ্যে দুশ বিঘা মাটি আবন্টন দিয়া বুলি জানিব পৰা গৈছে। ভুটানৰ পাদদেশৰ পৰা বৈ অহা বৰনদীৰ (নামনিত পুঠিমাৰী নাম লৈছে) পাৰৰ এই কালচেনি নামৰ ঠাইত  ৯ মে’ত বৰ্ডাৰ চিকিউৰিটি ফ’ৰ্চ চমুকৈ বিএছএফৰ এক বৃহৎ অস্ত্ৰ-ভাণ্ডাৰৰ আধাৰশিলা স্থাপন কৰা হব ।

এই আধাৰশিলা আনুষ্ঠানিক ভাবে স্থাপন কৰিব ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহে।  ৯ মে’ত গহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণক লৈ অধিক তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ বিটিআৰ প্ৰশাসন আৰু তামুলপুৰ জিলা প্ৰশাসন। বিগত প্রায় এক সপ্তাহ ধৰি অস্ত্ৰ ভাণ্ডাৰৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপনৰ কাম সফল ভাবে ৰূপায়ন কৰাৰ বাবে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োকে ধৰি তামুলপুৰ জিলা উপায়ুক্ত সীমান্ত কুমাৰ দাস,আৰক্ষী অধীক্ষক পংকজ যাদৱ, ভাৰতীয় সেনা বাহিনীৰ বিষয়া সকল , বিএছএফৰ উচ্চ পদস্থ বিষয়া সকলে জিলা প্ৰশাসনৰ সৈতে সঘন মিলিত হোৱা দেখা গৈছে।

একে সময়তে গৃহমন্ত্ৰীক আদৰিবলৈ সাজু হৈ উঠিছে বিজেপিৰ দলীয় কৰ্মী তথা অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজ
অস্ত্ৰ ভাণ্ডাৰ নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ কাম যুদ্ধকালীন তৎপৰতাৰে কৰি থকা দেখা গৈছে আৰু ৯ মে’ত আধাৰশিলা স্থাপন কৰিবলগীয়া স্থানত ৰভা- মঞ্চ, বাট পথ নতুনকৈ নিৰ্মান কৰি সাজু কৰাৰ বাবে বিভিন্ন বিভাগে কাম তড়িৎ গতিত চলাই গৈছে।

Recent News

নতুনকৈ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ! ইজৰাইলৰ নিদ্ৰা হৰণ কৰাৰ প্ৰতিজ্ঞা ইৰাণৰ

নতুনকৈ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ! ইজৰাইলৰ নিদ্ৰা হৰণ কৰাৰ প্ৰতিজ্ঞা ইৰাণৰ

প্ৰেমেই যেন স্বৰ্গসুখ! ৰক্তচাপ কমিব আৰু হৃদযন্ত্ৰও শক্তিশালী হ’ব; আৰু কি কয় গৱেষণাই?

প্ৰেমেই যেন স্বৰ্গসুখ! ৰক্তচাপ কমিব আৰু হৃদযন্ত্ৰও শক্তিশালী হ’ব; আৰু কি কয় গৱেষণাই?

ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী মহানগৰ শাখা আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ যৌথ উদ্যোগত সৈনিক শিল্পী বিষ্ণুৰাভা দিৱস উদযাপন…

ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী মহানগৰ শাখা আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ যৌথ উদ্যোগত সৈনিক শিল্পী বিষ্ণুৰাভা দিৱস উদযাপন…

‘বিমান দুৰ্ঘটনাত পৰিয়ালৰ সদস্যক হেৰুৱাই মৰ্মাহত Twelfth Fall’ৰ অভিনেতা বিক্ৰান্ত মেছাৰে

‘বিমান দুৰ্ঘটনাত পৰিয়ালৰ সদস্যক হেৰুৱাই মৰ্মাহত Twelfth Fall’ৰ অভিনেতা বিক্ৰান্ত মেছাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd