NORTHEAST NOW (Assamese)

তিনিচুকীয়াত সেনাৰ অভিযানত আটক এন এছ চি এন (কে)ৰ দুৰ্ধৰ্ষ কেডাৰ

April 16, 2019 1:52 pm · অভিক চক্ৰবৰ্তী
ফটো : নর্থ-ইষ্ট নাও

তিনিচুকীয়া জিলাৰ লেখাপানীত নগা উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলাই যোৱা ১৪ এপ্ৰিল অৰ্থাৎ দেওবাৰে এজন এন এছ চি এন (কে)ৰ দুৰ্ধৰ্ষ কেডাৰক আটক কৰিবলৈ সক্ষম হয়। ধৃত কেডাৰজনৰ নাম লুংফিং হাকুম ওৰফে হাছিন হাকুম বুলি জানিব পৰা গৈছে।

স্পিয়াৰ কৰ্পছৰ অধীনত ভাৰতীয় সেনাৰ এটা অভিযানকাৰী দলে গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ আধাৰত অভিযান চলাই উগ্ৰপন্থী সদস্য জনক আটক কৰে। সোমবাৰে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে।

উল্লেখ্য যে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছতে তিনিচুকীয়া জিলাৰ লেখাপানী অঞ্চলত এন এছ চি এন (কে)ৰ সদস্যই বাহৰ পাতি থকা বুলি এক বিশেষ সূত্ৰৰ পৰা জানিব পাৰি সেনাৰ দলে অভিযান চলাইছিল।

উল্লেখ্য যে ২০০৩ চনতে সংগঠনটোত যোগ দিয়া ধৃত কেডাৰজনে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বিভিন্ন অঞ্চলত সক্ৰিয়তাৰে চলাই গৈছিল ধনদাবীৰ লগতে বিভিন্ন অনৈতিক কাৰ্যকলাপ।

ইতিমধ্যে সেনাৰ অভিযানকাৰী দলটোৱে ধৃত কেডাৰজনক অসম আৰক্ষীক গতাই দিছে আৰু য়ু পি এ এক্ট ১০/১৩ৰ অধীনত এখন এজাহাৰ দাখিল কৰা বুলিও জানিব পৰা গৈছে।

Related News