গোৱালপাৰা জিলাৰ কৃষ্ণাই প্ৰেছ ক্লাৱৰ ব্যতিক্ৰমী অন্তৰংগ অনুষ্ঠান ’ব’হাগ মাথোঁ এটি ঋতু নহয়’ সোমবাৰে প্ৰথম ব’হাগৰ দিনা দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ৷ জিৰা আঞ্চলিক সাৰ্ব্বজনীন দুৰ্গা পূজা সমিতিৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানটো পৰিচালনা কৰে কৃষ্ণাই প্ৰেছ ক্লাবৰ উপ সভাপতি কন্দৰ্প কুমাৰ দেৱ নাথে ৷
প্ৰেছ ক্লাবৰ সম্পাদক নীলমণি শৰ্মাই আঁত ধৰা তথা সাংবাদিক উদিত নাৰায়ণ কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা এই অন্তৰংগ অনুষ্ঠানটোত মনৰ ভাৱ ব্যক্ত কৰে ৰাভা হাছং স্বায়ত্ত্ব শাসিত পৰিষদৰ প্ৰাক্তন অধ্যক্ষ তৰুণ চন্দ্ৰ ৰাভা, যুৱ সমাজ সেৱক চহিবুল ৰছুল, ক্ষুদিৰাম বানাই, বেণু বালা ৰাভা, ব্ৰজেন ৰাভা, যুৱ নেতা মহম্মদ হুছেইন( চাজু),শিক্ষক মধুলাল ৰাভা,অবসৰপ্ৰাপ্ত শিক্ষক মহেশ্বৰ ৰাভা আৰু শংকৰ লাল ৰাভাই ৷
অনুষ্ঠানত বহুৰঙী নৃত্য পৰিবেশন কৰে লিলি প্ৰভা ৰাভাৰ দলে আৰু বানাই নৃত্য পৰিবেশন কৰে মমতা বানাইৰ দলে। আনহাতে, আধুনিক নৃত্য পৰিবেশন কৰে অনুপজ্যোতি ৰাভা আৰু কাব্যশ্ৰী ৰাভাৰ দলে ৷ কণমানি উৰ্ণিমালা ৰাভাই আধুনিক গীত পৰিবেশন কৰা অনুষ্ঠানটোতে জিৰা অঞ্চলৰ দুই কৃতী সন্তান ৰাজ কুমাৰ ৰাভা আৰু মেধিৰাম ৰাভাক মানপত্ৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ৷