মণিপুৰৰ হিংসা ক্ষতিগ্ৰস্ত অঞ্চলত সেনা আৰু আছাম ৰাইফলছৰ ফ্লেগমাৰ্চ; নিৰাপদ আশ্ৰয়ৰ ব্যৱস্থা

মণিপুৰৰ হিংসা নিয়ন্ত্ৰণৰ বাবে ভাৰতীয় সেনা আৰু অসম ৰাইফলছক সেৱাত নিয়োগ কৰা হৈছে। মণিপুৰৰ চুৰাচান্দপুৰ, ইম্ফল, কেপিআই অঞ্চলত বুধবাৰে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ লগে লগে ৩ আৰু ৪ মে’ৰ মাজনিশা সেনা আৰু অসম ৰাইফলছক মাতি পঠোৱা হয়।

নিশা সেনা আৰু অসম ৰাইফলছৰ লগতে মণিপুৰ আৰক্ষীৰ জোৱানে নিশা পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।এক বিবৃতিত কোৱা হৈছে যে বৃহস্পতিবাৰে (৪ মে’ৰ পুৱালৈকে) এই হিংসাত্মক ঘটনা অব্যাহত থাকে।

লগতে পঢ়ক: মণিপুৰত “নতুন হিংসাত্মক” ঘটনাৰ মাজতে ৫ দিনৰ বাবে কৰ্তন মোবাইল ইণ্টাৰনেট সেৱা

“মণিপুৰত অসামৰিক প্ৰশাসনৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই সেনা/অসম ৰাইফলছে তৎক্ষণাত ক্ষতিগ্ৰস্ত সকলো অঞ্চলতে পৰ্যাপ্ত সংখ্যক বাহিনী মোতায়েন কৰে। সৰ্বাধিক লোকক নিৰাপদ অঞ্চললৈ স্থানান্তৰিত কৰাৰ লগতে আইন-শৃংখলা পুনৰুদ্ধাৰৰ ব্যৱস্থা চলি আছে।’- ভাৰতীয় সেনাই এক বিবৃতিত এইদৰে কয়।

ইফালে প্ৰায় ৪০০০ ক্ষতিগ্ৰস্ত লোকক বিভিন্ন স্থানত সেনা আৰু আছাম ৰাইফলছৰ চি অ’ বি আৰু মণিপুৰ চৰকাৰী কমপ্লেক্সত আশ্ৰয় দিয়া হৈছে।

পৰিস্থিতি নিয়ন্ত্ৰণত ৰখাৰ বাবে ফ্লেগমাৰ্চ কৰা হৈছে বুলিও বিবৃতিত উল্লেখ কৰা হৈছে। হিংসাত্মক স্থানৰ পৰা আঁতৰত গাঁওবাসীক নিৰাপদ অঞ্চললৈ স্থানান্তৰ কৰাৰ কাম চলি আছে বুলিও ইয়াত উল্লেখ কৰা হৈছে।

উল্লেখ্য যে বুধবাৰে (৩ মে’) মণিপুৰৰ চুৰাচান্দপুৰ জিলাত নতুনকৈ হিংসাই জোকাৰি যায়। মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ কিছু অংশৰ পৰা অগ্নিসংঘৰ্ষৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে।

লগতে পঢ়ক: বন্যহস্তীৰ আক্ৰমণত ৰাজ্যত ২৪ ঘণ্টাৰ ভিতৰত তিনি ব্যক্তিৰ মৃত্যু

মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ পৰাও একেধৰণৰ হিংসাত্মক ঘটনাৰ খবৰ পোৱা গৈছে। এই হিংসাত্মক ঘটনাত বহু ঘৰৰ আন্ত্ৰিক অংশ জাহ যোৱাৰ লগতে কেইবাজনো লোক আহত হয়।

মণিপুৰৰ চুৰাচান্দপুৰ জিলাত “আদিবাসীৰ স্বাৰ্থ ৰক্ষা”ৰ বাবে আটছুমে সংহতি পদযাত্ৰাৰ আহ্বান জনোৱাৰ পিছতে হিংসা সংঘটিত হয়।

মণিপুৰৰ মেইটেইসকলক অনুসূচীত জনজাতিৰ মৰ্যাদা দিয়াৰ দাবীৰ বিৰুদ্ধে আটছুমে এই পদযাত্ৰাৰ আহ্বান জনাইছিল।

মণিপুৰৰ চুৰাচান্দপুৰ জিলাত এই সমাৱেশৰ সময়ত অচিনাক্ত দুষ্কৃতিকাৰীয়ে বুংমুৱাল, সিংনাট, মুয়ালুম, মাতা মুলতামৰ দৰে কেইবাটাও স্থানত অগ্নিসংযোগৰ কৰে। এই অঞ্চলসমূহত দুই এটা ফৰেষ্ট বিট অফিচতো জুই লগাই দিয়া হয়।

লগতে পঢ়ক: পায়খানাৰ টেংকিত উদ্ধাৰ ১৩ বছৰীয়া ধৰ্ষিতাৰ মৃতদেহ : ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’বনে অসম আৰক্ষী?

ইফালে হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ ৰাজহ অধিকাৰ ক্ষেত্ৰৰ অধীনত বিশেষকৈ কাংভাল, টুইবং আৰু  চুৰাচান্দপুৰ মহকুমাত সম্পূৰ্ণ সান্ধ্য আইন জাৰি কৰা হৈছে।