ডাঙৰীৰ পঞ্চ ছহিদৰ পৰিয়ালে লাভ কৰিলে ন্যায়; সেনা বিষয়াসহ ৭ জনক যাৱজ্জীৱন কাৰাদণ্ড

শদিয়াৰ পঞ্চ ছহিদৰ হত্যাকাণ্ড সন্দৰ্ভত সেনা আদালতে শনিবাৰে অৰ্থাৎ ১৩ অক্টোবৰত ঐতিহাসিক ৰায়দান দিয়ে। পদোন্নতিৰ বাবে নিৰীহ যুৱকক উগ্ৰপন্থী সজাই হত্যা কৰা ৭ সেনা বিষয়াক সেনা আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে।

যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কেইজন হ’ল ক্ৰমে মেজৰ জেনেৰেল এ কে লাল, কৰ্নেল থমাছ মেঠিউ, কৰ্নেল আৰ এছ ছিবিৰেন, কেপ্টেইন দিলীপ সিং, কেপ্টেইন জগদেউ সিং, নায়ক আলবিন্দৰ সিং, নায়ক সিভেন্দৰ সিং।

উল্লেখযোগ্য যে ১৯৯৪ চনৰ ২২ ফেব্ৰুৱাৰিত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰবীণ সোণোৱাল, খোৱাং চাহ বাগিচাৰ প্ৰদীপ দত্ত আৰু দেৱজিৎ বিশ্বাস, লাইনা তামুলীৰ ভবেন মৰাণ আৰু ন-বৰমুৱা গাঁৱৰ অখিল সোণোৱালক নিশা শোৱাপটীৰ পৰা উঠাই নি ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত নাটকীয়ভাৱে হত্যা কৰিছিল।

আৰু এই  ঘটনাই তিনিচুকীয়া জিলাৰ লগতে সমগ্ৰ অসমতে এক ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

এই ঘটনা সংঘটিত হোৱাৰ পিছত সদৌ অসম ছাত্ৰ সন্থাৰ তদানীন্তন উপ-সভাপতি, পাছত অসমৰ পৰ্যটন মন্ত্ৰী আৰু বৰ্তমানৰ অসম পে’ট্ৰকেমিকেলছৰ অধ্যক্ষ জগদীশ ভূঞাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এক গোচৰ তৰিছিল।

আৰু এই গোচৰৰ ভিত্তিতে উচ্চ ন্যায়ালয়ে ঘটনা সন্দৰ্ভত চি বি আইক তদন্ত কৰা দায়িত্ব অৰ্পণ কৰিছিল।

উল্লেখযোগ্য যে চি বি আইয়ে কৰা তদন্তৰ অন্তত চি বি আইৰ প্ৰতিবেদনে দোষী সাব্যস্ত কৰাত ২০১৭ চনৰ ছেপ্টেম্বৰ মাহত চি বি আইৰ আৰ চি ৪/এছ/ ২০০০ নম্বৰৰ গোচৰৰ ভিত্তিত সেনাৰ দিনজানস্থিত ছাউনীৰ আদালতত বিচাৰ চলিছিল।

বিচাৰ প্ৰক্ৰিয়া চলাৰ সময়ত পঞ্চ ছহিদ পৰিয়ালৰ লগতে সেনাৰ বিষয়া-জোৱানকে ধৰি ১১৭ জনৰ সাক্ষ্য গ্ৰহণ কৰিছিল।

অৱশেষত ১৩ অক্টোবৰত সেনাৰ ক’ৰ্টে পঞ্চ ছহিদৰ পৰিয়ালকেইটাৰ সাপক্ষে ৰায় দান কৰি ভাৰতীয় সেনা বাহিনীৰ ১৮ নং পঞ্জাব ৰেজিমেণ্টৰ এজন বিষয়াসহ সাতজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ঘোষণা কৰে। এই কথা চি বি আইৰ অধিবক্তা মেজৰ কৰণ সিঙে জানিবলৈ দিয়ে।