আলফাৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত অৰুণাচলত আটক এজনক

IMG-20190109-WA0016

চুবুৰীয়া ৰাজ্য অৰুণাচলত অব্যাহত আছে ভাৰতীয় সেনাৰ উগ্ৰপন্থী বিৰোধী অভিযান৷  অৰুণাচল প্ৰদেশৰ খাৰচাঙত সেনাই আলফাৰ  সৈতে সম্পৰ্ক থকাৰ সন্দেহত এজন ব্যক্তিক আজি আটক কৰিবলৈ সক্ষম হয়। ধৃত সদস্যজন জাগুনৰ কঠাচেমা গাঁৱৰ ৰাম বাহাদুৰ লামা  বুলি জানিব পৰা গৈছে৷

সেনাৰ ৯ নং ৰাজ ৰেজিমেন্টে এটা গোপন সূত্ৰৰ পম খেদি  ব্যক্তিজনক আটক কৰিবলৈ সক্ষম হয়৷ ইফালে সেনাই ব্যক্তিজনক আলফাৰ সৈতে সম্পৰ্ক থকা বুলি সন্দেহ কৰিলেও ধৃত ব্যক্তিজনে এই কথা অস্বীকাৰ কৰিছে৷

প্ৰকৃততে ব্যক্তিজন উগ্ৰপন্থীৰ সৈতে জড়িত হয়নে নহয় সেই সম্পৰ্কে আৰক্ষীৰ তদন্তৰ পাছতহে ক’ব পৰা যাব৷ অন্যহাতে, ধৃত আলফা সদস্যজনৰ পৰা সেনাই  আমেৰিকাত নিৰ্মিত এটা ৯মিঃমিঃ পিষ্টল, তিনিটা চাইনিজ গ্ৰেণেড আৰু ১৫ জাই সজীব গুলীৰ লগতে বহু পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বুলি দাবী কৰিছে৷