ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে আপোচৰ অভিযোগত কৰ্তব্যৰ পৰা নিলম্বিত হৈছে ভাৰতীয় সেনাৰ এজন মেজৰ। বিগত মাহত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মেজৰগৰাকীক নিলম্বন কৰে বুলি জানিব পৰা গৈছে।
আজি এই কথা প্ৰকাশ কৰে উক্ত ঘটনাৰ বিষয়ে অৱগত সেনাৰ বিষয়াসকলে। মেজৰগৰাকীয়ে ষ্ট্ৰেটেজিক ফৰ্চ কমাণ্ডৰ এটা ইউনিটৰ সৈতে সেৱা আগবঢ়াইছিল।
২০২২ চনৰ মাৰ্চ মাহৰ পৰা তেওঁৰ বিৰুদ্ধে তদন্ত চলি আছিল বুলি প্ৰকাশ পাইছে। তদন্তত তেওঁৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে আপোচৰ প্ৰমাণ লাভৰ পিছতে নিলম্বন কৰা হয়।
ষ্ট্ৰেটেজিক ফৰ্চ কমাণ্ডে এক তদন্ত সমিতি গঠন কৰি এই সমিতিক মেজৰগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ দায়িত্ব অৰ্পণ হৈছিল।
সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি মেজৰজনে সশস্ত্ৰ বাহিনীৰ নিৰাপত্তা প্ৰট’কল আৰু নিয়ম উলংঘা কৰি নিজৰ ইলেক্ট্ৰনিক ডিভাইচত গোপনীয় নথি-পত্ৰ জমা কৰি ৰাখিছিল।
ছ’চিয়েল মিডিয়াৰ জৰিয়তে তেওঁ এজন পাকিস্তানী চোৰাংচোৱা কৰ্মীৰ সৈতেও যোগাযোগ কৰিছিল বুলি লগতে উল্লেখ কৰা হৈছে।