লেখাপানীত এনএছচিএনৰ (খাপলাং) দুৰ্ধৰ্ষ লিংকমেন আটক

IMG-20181225-WA0034 (1)

প্ৰধান মন্ত্ৰীৰ দ্বাৰা উজনিত বগীবিল দলঙৰ উদ্বোধনৰ দিনাই তিনিচুকীয়াৰ জিলাৰ লেখাপানী আৰক্ষী থানাৰ অধীনৰ জাগুনত সেনা-আৰক্ষীৰ অভিযানত আটক নগা উগ্ৰপন্থী সংগঠন এন এছচিএনৰ(খাপলাং)দুধৰ্ষ লিংকমেন এজনক আটক কৰিবলৈ সক্ষম হয়৷ আটকাধীন লিংকমেনজনৰ নাম ৰঞ্জিত মুৰা(৩২) বুলি লেখাপানী আৰক্ষীয়ে জানিবলৈ দিছে৷

লেখাপানীৰ নতুন কেনিয়া অঞ্চলৰ পৰা আটক কৰা এই দুধৰ্ষ লিংকমেনজনে দীৰ্ঘদিন ধৰি এনএছ চিএন(খাপলাং)গোটক জংঘলত বাট দেখুওৱাৰ লগতে বিভিন্ন কুটাঘাতমূলক কামত সহযোগিতা কৰি আহিছিল বুলি আৰক্ষীৰ এক সূত্ৰত প্ৰকাশ৷

আটকাধীন লিংকমেনজনক লেখাপানী আৰক্ষীয়ে বৰ্তমান সোধপোচ অব্যহত ৰাখিছে৷ উল্লেখ্য যে দীৰ্ঘ দিন ধৰি অসম-অৰুণাচল সীমান্তৱৰ্তী জাগুন অঞ্চলত আলফা, এনএছচিএন(খাপলাং) উগ্ৰপন্থী সংগঠনৰ সদস্যসকলে সক্ৰিয়ভাৱে বিভিন্ন কূটাঘাত সংঘটিত কৰি আহিছে৷ আজি আটক কৰা লিংকমেন ৰঞ্জিত মুৰাৰ পৰা উগ্ৰপন্থী সংগঠনৰ বিভিন্ন তথ্য লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰিছে আৰক্ষীয়ে৷