অ’এনজিচিৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াক সেনাই হত্যা কৰাৰ সন্দেহ আলফা স্বাধীনৰ, বিবৃতি প্ৰদান

আলফা স্বাধীনে অপহৰণ কৰা অ’এনজিচিৰ দুগৰাকী কৰ্মচাৰীক নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

বাতৰি অনুসৰি, আছাম ৰাইফলছ আৰু আৰক্ষীৰ এক যৌথ অভিযানত শুকুৰবাৰে শেষ নিশা নাগালেণ্ডৰ মন জিলাৰ পৰা অ’এনজিচিৰ কৰ্মচাৰী দুগৰাকীক উদ্ধাৰ কৰা হয়।

‘’অ’এনজিচিৰ আনগৰাকী অপহৃত কৰ্মচাৰীক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰখা হৈছে,’’-ভাৰতীয় সেনাৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে।

এই সংক্ৰান্তত শেহতীয়াকৈ আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমে সংগঠনটোৰ হৈ সংবাদমাধ্যমলৈ এক বিবৃতি প্ৰদান কৰি ভাৰতীয় সেনাবাহিনীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে।

বিবৃত্তিটোত কোৱা হৈছে যোৱা নিশা ভাৰতীয় সেনা বাহিনী, আসাম ৰাইফলছ আৰু নাগালেণ্ড আৰক্ষীৰ স’তে আলফা স্বাধীনৰ একাধিকবাৰ সংঘৰ্ষ হয়।

সংঘৰ্ষৰ ফলত অ’এনজিচিৰ তিনিওজন কৰ্মচাৰীৰ জীৱনৰ নিৰাপত্তাৰ কথা চিন্তা কৰি আলফা স্বাধীনে নাগালেণ্ডৰ মন জিলাৰ টক’ক চিংফু নামৰ গাওঁখনত গাঁওবাসীৰ তত্বাৱধানত থৈ যায়।

(আলফাই প্ৰেৰণ কৰা বিবৃতিটো)

এই কথা সেনাবাহিনীয়ে অৱগত হোৱাৰ সত্বেও গাওঁখনত সংগঠনটোক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈকে গুলিচালনাৰ ঘটনা সংঘটিত কৰে বুলি আলফা স্বাধীনে অভিযোগ কৰে।

আনহাতে,  মোহিনী মহন গগৈ আৰু অলকেশ শইকীয়া নামৰ কৰ্মচাৰী দুগৰাকীক সেনাই উদ্ধাৰ কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিটো সম্পৰ্কত সংগঠনটোৱে বিবৃত্তিটোত কয় যে যদিও সেনাই আনজন কৰ্মচাৰী ৰিতুল শইকীয়াৰ কোনো তথ্য লাভ কৰা নাই বুলি জনাইছে, কিন্তু আলফা স্বাধীনে সন্দেহ কৰিছে যে কৰ্মচাৰীজন সেনাৰ গুলিত মৃত্যু হৈছে অথবা বন্দী কৰি ৰখা হৈছে।

বিবৃতিটোত কোৱা হৈছে এই অনাকাংক্ষিত ঘটনাৰ বাবে আলফা স্বাধীন অথবা এনএছচিএন দায়ী নহয়, বৰঞ্চ অ’এনজিচিহে দায়ী।

উল্লেখযোগ্য যে যোৱা ২১ এপ্ৰিলত সন্দেহযুক্ত আলফা স্বাধীন উগ্ৰপন্থীয়ে অসম –নাগালেণ্ড সীমান্তত থকা শিৱসাগৰৰ লাকুৱা তৈলক্ষেত্ৰৰ পৰা অ’এনজিচিৰ তিনিগৰাকী কৰ্মচাৰীক অপহৰণ কৰিছিল।

শিৱসাগৰৰ লাকুৱা তৈলক্ষেত্ৰত প্ৰায় ছয় দশক ধৰি কামকাজ চলাই থকা খনন কোম্পানীটোৰ এখন গাড়ীৰে কৰ্মচাৰীকেইগৰাকীক অপহৰণ কৰা হৈছিল।

অপহৃত কৰ্মচাৰী তিনিগৰাকীৰ ভিতৰত মোহিনী মোহন গগৈ (৩৫) আৰু ৰিতুল শইকীয়া (৩৩) দুয়োগৰাকী জুনিয়ৰ টেকনিচিয়ান আৰু আনগৰাকী অলকেশ শইকীয়া (২৮) হৈছে এগৰাকী কণিষ্ঠ অভিযন্তা (উৎপাদন)।

উদ্ধাৰ হোৱা অপহৃত কৰ্মচাৰী দুগৰাকী হৈছে অলকেশ শইকীয়া আৰু মোহিনী মোহন গগৈ।

অভিযানকাৰী দলটোৱে এটা এ কে-৪৭ ৰাইফলো উদ্ধাৰ কৰা বুলি জানিবলৈ দিয়ে এগৰাকী সেনা বিষয়াই।