NORTHEAST NOW (Assamese)

তৃণমূল কংগ্ৰেছৰ নেতাৰ পুত্ৰৰ কাণ্ড! সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দি সেনা জোৱানৰ পত্নীক ধৰ্ষণ

July 28, 2024 8:45 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: July 28, 2024 5:39 pm

পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছৰ পঞ্চায়তৰ এগৰাকী উপ সভাপতিৰ পুত্ৰৰ বিৰুদ্ধে উত্থাপন হৈছে এগৰাকী ভাৰতীয় সেনা জোৱানৰ পত্নীক ধৰ্ষণ কৰাৰ অভিযোগ।

উত্তৰ ২৪ পৰগনাৰ ডেগংগা থানা সোহাই-শ্বেতপুৰ পঞ্চায়তত সংঘটিত হৈছে এই ঘটনা।

এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তৃণমূলৰ নেতাগৰাকীৰ পুত্ৰক গ্ৰেপ্তাৰ কৰিছে।

এই ঘটনাই অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। অৱশ্যে তৃণমূলৰ উপ প্ৰধান আৰু তেওঁৰ পুত্ৰই এই অভিযোগ অস্বীকাৰ কৰিছে।

জানিব পৰা মতে, মহিলাগৰাকীৰ স্বামী পঞ্জাৱত কৰ্মৰত। এটা সমস্যা সমাধানৰ বাবে তেওঁ পঞ্চায়ত উপ প্ৰধান জলধৰ মণ্ডলৰ কাষ চাপিছিল। এমাহ পূৰ্বে মহিলাগৰাকীয়ে এই সমস্যাৰ বিষয়ে অৱগত কৰিছিল জলধৰ মণ্ডলক।

তৃণমূলৰ নেতা জলধৰ মণ্ডলে সমস্যা সমাধানৰ আশ্বাস দিছিল সেনা জোৱানৰ পত্নীক। সেই সুযোগতে নেতাগৰাকীৰ পুত্ৰই সেনা জোৱানৰ পত্নীৰ সৈতে অন্তৰংগ হৈ ধৰ্ষণ সংঘটিত কৰে।

এই ঘটনাৰ পিছতে মহিলাগৰাকীয়ে বৰাছাট জিলাৰ আৰক্ষী অধীক্ষকক এজাহাৰ দিয়ে। সেই অভিযোগৰ ভিত্তিত আৰক্ষী অধীক্ষকে স্থানীয় থানাক এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে। তাৰ আধাৰত মহিলাগৰাকীৰ বক্তব্য লৈ মেডিকেল টেষ্ট কৰা হয়।

শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত তৃণমূল নেতাৰ পুত্ৰ উজ্জল মণ্ডলক। আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ধৰ্ষণকে ধৰি একাধিক অভিযোগত গোচৰ ৰুজু কৰিছে।

ঘটনাৰ তদন্ত অব্যাহত আছে।

Related News