আত্মহত্যাৰ প্ৰৰোচনাৰ গোচৰত অৰ্ণৱ গোস্বামীসহ তিনি অভিযুক্তক জে’ললৈ প্ৰেৰণ আদালতৰ

index

অনভয় নাইক আৰু তেওঁৰ মাতৃৰ আত্মহত্যাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী আৰু অন্য দুগৰাকী লোকক আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

বুধবাৰে পুৱা ২০১৮ চনৰ এটা আত্মহত্যাৰ প্ৰৰোচনাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল অৰ্ণৱ গোস্বামীক।

মুম্বাই আৰক্ষীয়ে অৰ্ণৱ গোস্বামীসহ অন্য দুজনক মুম্বাইৰ আলিবাগ আদালত হাজিৰ কৰোৱাই। আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক নিজৰ জিম্মাত বিচাৰিছিল যদিও আদালতে সেয়া খাৰিজ কৰি ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

ইফালে বুধবাৰে অৰ্ণৱ গোস্বামীৰ অধিবক্তা অবদ প’ণ্ডাই সংবাদ মাধ্যমক জনায় যে অৰ্ণৱ গোস্বামীৰ জামিনৰ বাবে ন্যায়ালয়ত আবেদন কৰিছে। বৃহস্পতিবাৰে দিনৰ ভাগত অৰ্ণৱ গোস্বামীৰ জামিন আবেদনৰ শুনানি লোৱাৰ সম্ভাৱনা আছে।

যদি অৰ্ণৱ গোস্বামীয়ে আজি জামিন লাভ নকৰে তেনে ১৪ দিন কাৰাগাৰতে কটাব লাগিব!

উল্লেখ্য যে বুধবাৰে পুৱা মুম্বাই আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক নিজ বাসগৃহৰ পৰা ইন্টেৰিয়’ৰ ডিজাইনাৰ অনভয় নাইক আৰু কুমুদ নাইকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগ গ্ৰেপ্তাৰ কৰে।

ইন্টেৰিয়’ৰ ডিজাইনাৰ অনভয় নাইক আৰু কুমুদ নাইকৰ ২০১৮ চনৰ আত্মহত্যাৰ গোচৰত অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা বুলি মুম্বাই আৰক্ষীয়ে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছিল।

২০১৮ চনৰ মে’ মাহত ৫৩ বছৰীয়া ইন্টেৰিয়’ৰ ডিজাইনাৰ অনভয় নাইক আৰু তেওঁৰ মাতৃ কুমুদ নাইকে আত্মহত্যা কৰিছিল।

অভিযোগ উঠিছিল যে ইন্টেৰিয়’ৰ ডিজাইনাৰ অনভয় নাইকে কামৰ বিনিয়মত পাব লগীয়া ৫.৪০ কোটি টকা অৰ্ণৱ গোস্বামী, ফিৰোজ শ্বেইখ আৰু নীতেশ চাদ্ৰাই আদায় দিয়া নাছিল।

আনহাতে আৰক্ষীয়ে বুধবাৰে সন্ধিয়া অৰ্ণৱ গোস্বামী, পত্নী, আৰু পৰিয়ালৰ আন এজন সদস্যৰ লগতে অন্য দুজন ব্যক্তিৰ বিৰুদ্ধে কৰ্তব্যৰত মহিলা আৰক্ষীক আক্ৰমণ আৰু আৰক্ষীৰ কৰ্তব্যত বাধা প্ৰদান কৰাৰ অভিযোগত মুম্বাই এন এম যোশী মাৰ্গ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪, ৩৫৩, ৫০৪ আৰু ৫০৬ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে।

আৰক্ষীয়ে দাবী কৰিছে যে পুৱা অৰ্ণৱ গোস্বামীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ যোৱা আৰক্ষীৰ দলটোক তেওঁৰ বাসগৃহত প্ৰৱেশ কৰিবলৈ নিদি প্ৰায় ৩ ঘণ্টা সময় বাহিৰত অপেক্ষা কৰোৱাইছিল।