• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাংলাদেশৰ নোবেল বঁটাবিজয়ী অৰ্থনীতিবিদ মুহাম্মদ য়ুনুচৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 10, 2019 10:34 am
মুহাম্মদ য়ুনুচ। ফটো ইণ্টাৰ্নেটৰ পৰা সংগৃহীত

মুহাম্মদ য়ুনুচ। ফটো ইণ্টাৰ্নেটৰ পৰা সংগৃহীত

1.7k
VIEWS
Share on FacebookShare on Twitter

বাংলাদেশৰ নোবেল বঁটাবিজয়ী অৰ্থনীতিবিদ, গ্ৰামীন বেংকৰ প্ৰতিস্থাতা ড০ মুহাম্মদ য়ুনুচৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে ঢাকাৰ এখন শ্ৰম আদালতে।

শ্ৰম আইন উলংঘনৰ এটা গোচৰত অভিযুক্ত য়ুনুচে আদালতৰ নিৰ্দেশৰ স্বত্ত্বেও তাত গৈ হাজিৰ নোহোৱাৰ বাবে তেওঁৰ নামত উক্ত গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হয়।

য়ুনুচৰ বিৰুদ্ধে তেওঁ অধ্যক্ষ হিচাপে থকা গ্ৰামীন কমিউনিকেচনৰ তিনি গৰাকী কৰ্মচাৰীয়ে তেওঁলোকক ট্ৰেড ইউনিয়ন গঠন কৰাৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ অভিযোগ আনিছিল। গ্ৰামীন কমিউনিকেচন হৈছে গ্ৰামীন বেংকৰ IT উইং।

উক্ত অভিযোগৰ ভিত্তিত ঢাকাৰ শ্ৰম আদালতে নোবেল বঁটাপ্ৰাপ্ত মুহাম্মদ য়ুনুচৰ লগতে প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালক নাজনিন চুলতানা আৰু উপ মহাপ্ৰবন্ধক খান্দেকৰ আবু আবেদিনক শ্ৰম আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল।

আদালতে বুধবাৰ অৰ্থাৎ ৯ অক্টোবৰত তেওঁলোক ৩ গৰাকীক শুনানিত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল, কিন্তু বাকি দুজন হাজিৰ হয় যদিও য়ুনুচ শুনানিত উপস্থিত নহ’ল। যাৰ ফলত ঢাকা থাৰ্ড লেবাৰ ক’ৰ্টৰ অধ্যক্ষ ৰহিবুল ইছলামে তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে।

‘আদালতৰ নিৰ্দেশৰ ভিত্তিত প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালক আৰু উপ মহাপ্ৰবন্ধক দুগৰাকী লেবাৰ ক’ৰ্টত হাজিৰ হয় যদিও মুহাম্মদ য়ুনুচ হাজিৰ নহ’ল, ইয়াৰ পিছতে শ্ৰম আদালতখনৰ অধ্যক্ষ গৰাকীয়ে য়ুনুচৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে।‘ আদালতৰ এগৰাকী বিষয়াই কয়।

উল্লেখযোগ্য যে গ্ৰামীন কমিউনিকেচনৰ প্ৰাক্তন কৰ্মচাৰী ৩জনে ট্ৰেড ইউনিয়ন গঠন কৰাৰ বাবে প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই তেওঁলোকক ভাবুকি প্ৰদান, বদলি কৰা আৰু অৱশেষত চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ অভিযোগ তুলি ৩টাকৈ পৃথক গোচৰ তৰিছিল।

১৯৮৩ চনত মুহাম্মদ য়ুনুচে গ্ৰামীন বেংক প্ৰতিষ্ঠা কৰিছিল। উক্ত বেংকে গাঁৱৰ দুখীয়া বিশেষকৈ মহিলা উদ্যোগীসকলক ক্ষুদ্ৰ ঋণ প্ৰদানেৰে বিশ্বজুৰি বিশেষ খ্যাতি অৰ্জন কৰিছিল। তেওঁৰ এই কামৰ বাবে য়ুনুচক ২০০৬ চনত নোবেল বঁটা প্ৰদান কৰা হৈছিল।

Recent News

এইবাৰ স্পাইচজেটৰ বিমানৰ কাৰিকৰী ত্ৰুটিঃ জৰুৰীভাৱে অৱতৰণ

এইবাৰ স্পাইচজেটৰ বিমানৰ কাৰিকৰী ত্ৰুটিঃ জৰুৰীভাৱে অৱতৰণ

‘অসমীয়া বোৱাৰীৰ গোপন কথা’ নামৰ ফেচবুক গ্ৰুপত ভেটাপাৰাৰ মহিলাৰ ফটো আপলোড দি অপপ্ৰচাৰ চাইবাৰ অপৰাধীৰ

‘অসমীয়া বোৱাৰীৰ গোপন কথা’ নামৰ ফেচবুক গ্ৰুপত ভেটাপাৰাৰ মহিলাৰ ফটো আপলোড দি অপপ্ৰচাৰ চাইবাৰ অপৰাধীৰ

প্ৰধানমন্ত্ৰীৰ অডিঅ’ ৰেকৰ্ডিং ভাইৰেলঃ ৰাজনৈতিক সংকটৰ মাজতে বিচাৰিলে ক্ষমা প্ৰাৰ্থনা

প্ৰধানমন্ত্ৰীৰ অডিঅ’ ৰেকৰ্ডিং ভাইৰেলঃ ৰাজনৈতিক সংকটৰ মাজতে বিচাৰিলে ক্ষমা প্ৰাৰ্থনা

QS World University Rankings 2026: তালিকাৰ শীৰ্ষত এমআইটি, ভাৰতৰো অগ্ৰগতি দেখিবলৈ পোৱা গ’ল এই তালিকাত

QS World University Rankings 2026: তালিকাৰ শীৰ্ষত এমআইটি, ভাৰতৰো অগ্ৰগতি দেখিবলৈ পোৱা গ’ল এই তালিকাত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd