কৰিমগঞ্জত থানাৰ লকআপৰ ভিতৰত আচামীৰ মৃত্যু; আৰক্ষীৰ মতে “আত্মহত্যা”; পৰিয়ালৰ মতে “হত্যাকাণ্ড”

গেঞ্জীৰে শৌচালয়ত চিপ লৈ আত্মহত্যা কৰা বুলি আৰক্ষীৰ অবিশ্বাসযোগ্য দাবী

Bappa Das

সদৰ থানাৰ লকআপৰ ভিতৰতে বাপ্পা দাস নামৰ এজন আটকাধীন ব্যক্তিৰ ৰহস্যজনক মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আৰক্ষীয়ে ব্যক্তিজনে নিজৰ গেঞ্জীৰে শৌচালয়ত চিপ লৈ আত্মহত্যা কৰা বুলি দাবী কৰিছে যদিও মৃত দাসৰ পৰিয়ালে ইয়াক হত্যাকাণ্ড বুলি অভিহিত কৰিছে।

আৰক্ষীৰ ভাষ্য সন্দেহৰ আৱৰ্তত এইবাবেই যে গেঞ্জীৰে মানুহ এজন চিপ লোৱাটো সম্ভৱ হয় নে নহয় সেয়া চিন্তনীয়।

ৰিক্সাৰ বেটেৰি চোৰ কৰাৰ অভিযোগত ১৯ বছৰীয়া বাপ্পা দাসক আজি দুপৰীয়া ১২ বজাত কৰিমগঞ্জ সদৰ থানাৰ আৰক্ষীয়ে আটক কৰি থানালৈ নিছিল।

উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰুকায়স্থয়ো ঘটনাৰ বুজ ল’বলৈ গৈ ক্ষুব্ধ হৈ পৰে। বিধায়কজনে থানাখনৰ অ’ চি উৎপল বৰাক প্ৰশ্ন কৰে, “গেঞ্জীৰে কেনেদৰে চিপ লোৱা সম্ভৱ। আপুনি এনেদৰে অযুক্তিকৰ কথা কিয় কৈছে?”

আনহাতে পৰিয়াল আৰু স্থানীয় লোকৰ অভিযোগ, বাপ্পাক আটক কৰি অনাৰ সময়ত আৰক্ষীয়ে মাটিত পেলাই ভৰিৰে গুৰিয়াই গুৰিয়াই মাৰিছিল আৰু লগতে শকত লাঠীৰে কোবাইছিল।

বাপ্পাৰ এই ৰহস্যজনক মৃত্যুত মৰ্মাহত হৈ পৰিছে পিতৃ-মাতৃ আৰু ককায়েক। মাকে পুত্ৰশোকত চিকিৎলয়ত এক প্ৰকাৰৰ উন্মাদৰ দৰে আচৰণ কৰে।

বিধায়ক পুৰকায়স্থই অ’ চিজনৰ ওপৰত অভিযোগ আৰোপ কৰি নৰ্থ-ইষ্ট নাওৰ আগত কয় যে যোৱা কেইমাহ ধৰি থানাখনত কিবা নহয় কিবা সংঘটিত হৈ আহিছে।

“গেঞ্জীৰে চিপ লোৱা কেনেকৈ সম্ভৱ? যদি আত্মহত্যাও হয়, তেন্তেও আৰক্ষী ইয়াৰ বাৱে জগৰীয়া।”

বিধায়কজনে লগতে কয়, ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাই কেৱল ক’ৰ পৰা কেনেকৈ টকা আদায় কৰা যায়, তাৰ চিন্তাতে ব্যস্ত থাকে। ঘটনাটোৰ উচিত তদন্ত দাবী কৰিছে পৰিয়াল আৰু বিধায়কগৰাকীয়ে।

আনপিনে স্থানীয় লোকসকলেও অভিযোগ কৰে, সৰভাগ সময় নিজৰ কোৱাৰ্টাৰতে বহি কটায় অ’ চি বৰা। যোৱা তিনিদিন পূৰ্বে গৰুৰ অবৈধ বজাৰৰ পৰা লৈ অহা গৰু ৰাইজে আবদ্ধ কৰি লৈ অ’চিৰ ভূমিকাক লৈ ব্যাপক ক্ষোভ ব্যক্ত কৰিছিল। ক্ষুদ্ধ ৰাইজে ৰাজপথত এক প্ৰকাৰৰ অপদস্থই কৰিছিল বিষয়াজনক। জানিব পাৰা মতে, আজিৰ এই ঘটনাৰ সময়তো অ’ চিসহ আন আন বিষয়া অনুপস্থিত আছিল থানাখনত।

ঘটনাৰ পিছত কৰ্তব্যত হেমাহিৰ বাৱে থানাৰ চিৰস্তাদাৰ বীৰুমণি সিং আৰু কনিষ্টবল ৰূপা দাসক সাময়িক বৰ্খাস্ত কৰা হৈছে যদিও আত্মহত্যাৰ ৰূপ দি অ’ চিয়ে গা সাৰিবৰ চেষ্টা কৰিছে।