ক্ৰমে আমাৰ মানুহৰ মাজত এনে এক ধাৰণা দকৈ শিপাব ধৰিছে যে আমি আমাৰ নিজা থানতে সকলো পিনৰ পৰা ক্ষতিৰ গৰাহত পৰিছোঁ। কি দাৰিদ্ৰৰ হাৰ, কি কৰ্মহীনতাৰ (নিবনুৱা সমস্যা) কৰাল ৰূপ, কি ব্যৱসায়-বাণিজ্য সকলোতে আমাৰ নিশকতীয়া স্থিতি; কি উপাৰ্জনক্ষম উৎপাদন, সকলোতে আমি যেন ক্ৰমাগতভাৱে হটি আহিছো। সেইবোৰ উদ্বেগজনক লক্ষণ সম্পৰ্কে যদিও জনপ্ৰিয় টিভি চেনেলবোৰ সচৰাচৰ নীৰৱ, বেছিভাগ বাতৰি কাকতত প্ৰায় দৈনিক তেনে সমস্যাসমূহক লৈ হাহাকাৰ কৰা হয়।
এইটো ‘বহিৰাগতৰ চক্ৰান্ত’ বুলি মাজে মাজে সৰৱ অভিযোগ শুনা যায়। কিন্তু দেখদেখকৈ সকলো বহিৰাগত এনে চক্ৰান্ত কৰাত লিপ্ত হ’ব নোৱাৰে। শ্ৰমজীৱী মানুহ, আৰু ক্ষুদ্ৰ ব্যৱসায়ী নিজৰ প্ৰাণৰক্ষা তথা পৰিয়াল-পোষণক লৈ ব্যস্ত। থলুৱা অসমীয়াৰ প্ৰতি ভাল ভাবেই থাকক বা বেয়া ভাবেই থাকক, তেওঁলোকে এনে চক্ৰান্ত কৰা ক্ষমতা আয়ত্ত কৰা নাই।
পৰিতাপৰ কথা যে এনে চক্ৰান্তত যিসকল জড়িত, ধন আৰু ক্ষমতাৰ জোৰত তেওঁলোক অদৃশ্য হৈ থাকে। তেওঁলোকে কোনো নিৰ্দিষ্ট ঘটনা ঘটাই এনে চক্ৰান্ত নকৰে। তেওঁলোকৰ চক্ৰান্ত হয় অৰ্থনৈতিক নীতি আৰু ৰাজনৈতিক সিদ্ধান্তৰ জৰিয়তে, যিবোৰ কাৰ্যকৰী কৰে কেন্দ্ৰ চৰকাৰে। সেইবোৰৰ অশুভ পৰিণাম চুর্চুৰিয়া হিংসা আদিৰ ফলত দৃশ্যমান নহয়, বৰং হয় একোটা অৰ্থনৈতিক নীতিগত সিদ্ধান্তৰ ফলত। যেনে ধৰক, নামৰূপ সাৰ কাৰখানাৰ নতুন উৎপাদন গোট হ’বলৈ নিদি উদ্যোগটোক ক্ৰমে দুৰ্বল কৰি অনা হ’ল।
একোটা উদ্যোগ বা ব্যৱসায়ৰ শক্তি নিৰ্ভৰ কৰে অধিক-অধিক উৎপাদন আৰু উৎপাদিত সামগ্ৰী বিক্ৰীৰ জৰিয়তে। নতুবা উদ্যোগ বা ব্যৱসায়টো ক্ৰমে বলহীন হৈ এদিন বন্ধ হৈ যাব। কিন্তু ওপৰৰ পৰা, বিশেষকৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা কিছুমান নীতিগত সিদ্ধান্ত উক্ত উদ্যোগ বা ব্যৱসায়টোৰ ওপৰত জাপি দি তাৰ টেটুচেপা দি তাক ৰুগীয়া আৰু ক্ষতিগ্ৰস্ত কৰিব পাৰে।
যেনে ধৰক উক্ত উদ্যোগৰ উৎপাদিত সামগ্ৰীৰ ওপৰত বা সি ব্যৱহাৰ কৰা কোনো এক উপাদানৰ ওপৰত কৰ বৃদ্ধি কৰি, একেই সামগ্ৰী উৎপাদন কৰা অসমৰ বাহিৰৰ উদ্যোগক কৰ মুক্ত কৰি ৰাখি, আমাৰ থলুৱা উদ্যোগটোক ক্ষতিগ্ৰস্ত কৰিব পাৰে। অথবা তাৰ বিক্ৰীৰ বাবে প্ৰয়োজন হোৱা ৰে’লৰ ভাৰা বৃদ্ধি কৰি সৰ্বভাৰতীয় বজাৰত তাৰ দাম বৃদ্ধি কৰাব পাৰে। ইয়াত চকুত পৰাকৈ কোনো সাধাৰণ বহিৰাগত শ্ৰমিক বা ক্ষুদ্ৰ ব্যৱসায়ীয়ে একো দুষ্কাৰ্য কৰা নাই। কিন্তু উদ্যোগটো লোকচানৰ কবলত পৰিবলৈ বাধ্য।
গতিকে ওপৰৰ পৰা ৰাজনৈতিক কৰ্তৃপক্ষই লোৱা নীতিগত সিদ্ধান্তৰ ফলতহে উদ্যোগটোত কৰ্মৰত থলুৱা শ্ৰমিক সকলৰ ভৱিষ্যত অন্ধকাৰ হ’ব, আৰু উদ্যোগটোৰ ওপৰত নানা ধৰণে নিৰ্ভৰ কৰা থলুৱা দোকানী, বাছ-ট্ৰাকৰ মালিক বা ঠিকাদাৰৰো উপাৰ্জন সংকটমুখী হ’ব।
অথচ ‘বহিৰাগত’ বোলোঁতে আমি সেইবিলাক মানুহকে বুজোঁ যিবিলাকৰ আচৰণ কেতিয়াবা আমাৰ প্ৰতি অসন্মানসূচক হ’লেও যিবিলাকে আচলতে আমাৰ সিমান বৈষয়িক ক্ষতি কৰিব নোৱাৰে। বৰং ওপৰত কোৱা নীতিগত সিদ্ধান্তবোৰে আমাৰ উপাৰ্জন হ্ৰাস কৰিলে আৰু ফলত আমি দৰিদ্ৰ হৈ পৰিলে একাংশ বহিৰাগত ক্ষুদ্ৰ ব্যৱসায়ীয়ে আমাৰ প্ৰতি অবজ্ঞাৰ মনোভাৱ পোষণ কৰিবলৈ ধৰে।
এই নীতিগত সিদ্ধান্তবোৰ লয় কিছুমান উচ্চপদস্থ বিষয়া আৰু ৰাজনৈতিক নেতাই। মন্ত্ৰীৰ পৰামৰ্শ মতে এনে সিদ্ধান্ত লোৱা হয়। তাত বিত্তীয় বিভাগৰ সহায় থাকে। আৰু তেওঁলোকে তেনে সিদ্ধান্ত লয় এনে কিছুমান ধনী, শক্তিশালী পুঁজিপতি-ব্যৱসায়ীৰ অনুৰোধ বা হেঁচাৰ বাবে, যিবিলাকে নিজৰ সামগ্ৰীৰ বজাৰ বঢ়াবলৈ আৰু নিজৰ বাবে লাভজনক বিক্ৰীমূল্য নিৰ্ধাৰণ কৰিবলৈ অসমৰ উঠি অহা উদ্যোগ-ব্যৱসায়ৰ উন্নতিত বাধা দিব খোজে।
পুঁজিবাদী ব্যৱসায় হৈছে ‘মৎস্যন্যায়’ (মাছৰ দৰে) প্ৰতিযোগিতা- য’ত ডাঙৰ মাছে সৰু মাছক গিলি পেলায়। এতিয়া দেখা গৈছে যে পূৰ্বে লাভৰ কিছু অংশ ক্ষুদ্ৰ-ক্ষুদ্ৰ খুচুৰা বেপাৰীক দিবলৈ ৰাজী হোৱা বৃহৎ পুঁজিৰ উদ্যোগ-ব্যৱসায়ী এতিয়া তেনে কৰিবলৈ ইচ্ছুক নহয়। সেয়ে আগতে আমাৰ প্ৰতি ঘৰৰে এটা বা দুটা সন্তানে জীৱিকা অৰ্জনৰ বাবে বাচি লোৱা দোকান বা ক্ষুদ্ৰ ব্যৱসায় এতিয়া প্ৰায় বন্ধ হৈ তাৰ ঠাই লৈছে বৃহৎ ‘মল’ বিলাকে।
সমগ্ৰ বিশ্বজুৰি এই প্ৰক্ৰিয়া কোবাল ধুমুহাৰ দৰে বৈ আছে। অসংখ্য ক্ষুদ্ৰ ব্যৱসায় জাহ গৈছে বা লোকচানৰ গৰাহত পৰিছে। কেতবোৰ আন্তৰ্জাতিক নিগম গঢ়ি উঠিছে যিবিলাকক মূলধন যোগান ধৰে বৃহৎ ব্যক্তিগত বেংকবোৰে। এইবোৰে দেশ-বিদেশত খোপনি পোতে। বিভিন্ন দেশতো কেইটামান ধনবান পুঁজিপতি গোটে বহু ক্ষুদ্ৰ ব্যৱসায় হজম কৰি আৰু জনগণৰ ওপৰত শোষণ চলাই দেশৰ অৰ্থনীতিৰ শীৰ্ষত বহি লৈছে, আৰু দেশৰ চৰকাৰৰ ওপৰত প্ৰভাব খটুৱাই আছে।
আন্তৰ্জাতিক বৃহৎ পুঁজিপতি গোষ্ঠীবোৰৰ লগত ইহঁতৰ বুজাবুজি আছে, আৰু মুঠ লাভৰ অংশ সিহঁতৰ সৈতে ভাগ বাটোৱাৰা হৈ আছে। বজাৰ সম্পূৰ্ণ দখললৈ অনাৰ পিছত বস্তুৰ মূল্য একচেতিয়াভাৱে সিহঁতেই নিৰ্ণয় কৰিব পৰা হৈছে। বস্তুৰ মূল্য নিৰ্ধাৰণত জনসাধাৰণৰ প্ৰয়োজন পূৰণ বা সন্তোষ-বিধানতকৈ গুৰুত্ব পায় সিহঁতৰ লাভৰ হিচাবে। বৃহত্তম হাৰৰ লাভ ইহঁতৰ ব্যৱসায়ৰ লক্ষ্য হৈ পৰাৰ পিছত জনগণৰ জীৱন ধাৰণৰ সমস্যাও তীব্ৰৰ পৰা তীব্ৰতৰ হৈ গৈ থাকে।
অসমৰ উদ্যোগ-ব্যৱসায় মূলধনৰ অভাৱৰ বাবে এনেয়ো বৰ শক্তিশালী নহয়। অলপ উঠি অহা দেখিলেই একে সামগ্ৰীৰ উৎপাদন বা ব্যৱসায় কৰা বৃহৎ পুঁজিপতিয়ে তাৰ ওপৰত দিল্লীৰ চৰকাৰৰ হতুৱাই হেঁচা দিয়াব পাৰে। মূলধন বেছি থকাৰ বাবে সিহঁতে সাময়িক লোকচান কৰি সামগ্ৰীৰ দাম বহু কমাই দিও আমাৰ থলুৱা উদ্যোগী-ব্যৱসায়ীৰ মূৰত টাঙোন মাৰিব পাৰে। ৰাজ্য চৰকাৰে তাত বাধা দিবলৈ বা তাৰ প্ৰতিকাৰৰ কৰিবলৈ সাহস নকৰে। শক্তিও নাথাকে কেতিয়াবা।
এনেদৰে অসমৰ থলুৱা লোকসকলৰ আগ্ৰহ আৰু উদ্যম থাকিলেও তেওঁলোকৰ সকলো চেষ্টাৰ বিঘিনি ঘটাই অৱশেষত তেওঁলোকক আত্মসমৰ্পণ কৰিবলৈ বা প্ৰতিযোগিতা সামৰি পলায়ন কৰিবলৈ বাধ্য কৰে। সম্প্ৰতি ‘ৰিলায়েন্সে’ জিয়’ মবাইলৰ দৰে অভাৱনীয়ভাৱে কম দামত সামগ্ৰী বা সেৱা আগবঢ়াই আন প্ৰতিযোগীক বিধ্বস্ত কৰি লৈ পিছত দাম বঢ়োৱাৰ কাহিনী কোনে নাজানে? (সেইসময়ত আমিও এই আশংকাই প্ৰকাশ কৰিছিলো।) আৰু এক চমৎকাৰ তথ্য এয়ে যে এই সকলো সম্ভৱ হৈছিল ৰিলায়ন্সে বিএছএনএলৰ পৰা 4G পৰ্যায়ৰ সেৱা আদায় কৰিয়েই এই উদ্দেশ্য হাছিল কৰিছিল। কিন্তু তাৰ বাবদ পৰিশোধ কৰিবলগীয়া তেৰশ কোটি টকা আজিও আদায় দিয়া নাই!!
একেদৰে কাকতত ওলাইছে যে ৰিলায়েন্সে অতি সস্তাত ঘৰে ঘৰে ঔষধ যোগান ধৰি আমাৰ থলুৱা ৰাইজে খোলা ফাৰ্মাচীবোৰ বন্ধ কৰিবলৈ ওলাইছে। নিষ্কণ্টক হৈ ঔষধৰ দাম পুনৰ বৃদ্ধি কৰি গ্ৰাহকক হাৰাশাস্তি কৰিব। ফাৰ্মাচীবোৰ বন্ধ হৈ গ’লে ঔষধ কিনাৰ উপায়ো বেছি নাথাকিব।
এয়ে হৈছে একচেতিয়া বৃহৎ পুঁজিৰ দৌৰাত্ম্য। এতিয়া এওঁলোকৰ কোন বিশ্বৰ দহজন বা এশজন সবাতকৈ ধনবান ব্যক্তিৰ ভিতৰত সোমাল তাকে লৈ কাকতে-পত্ৰই হুলস্থুল হ’লেও ই ঠিক যে জনসাধাৰণ সেইবোৰ লৈ ব্যস্ত হোৱাৰ সকাম নাই। কাৰণ সেই ভাগ্যৱান সকলৰ ভাগ্য ফুলিছে জনগণৰ দুৰ্ভাগ্যৰ বিনিময়ত। এওঁলোকৰ সামগ্ৰীও সৰহভাগ দেশৰ প্ৰয়োজন পূৰণত ব্যৱহৃত নহৈ বিদেশলৈ ৰপ্তানি হয়। কাৰণ এওঁলোকক বিদেশী মুদ্ৰাৰ (ডলাৰ) প্ৰয়োজন হয়। যাতে কোনো লাভ আদায়ৰ বাবে খটুৱাব পাৰে।
দেশৰ অৰ্থনীতি অহা বছৰত সাত শতাংশ বা আঠ শতাংশ প্ৰসাৰ হ’ব, ঘৰুৱা উৎপাদন বাঢ়িব, এইবোৰ কথাও জনজীৱনৰ বাবে অৰ্থহীন হৈ পৰিছে। কাৰণ ইয়াৰ ফলত বস্তুৰ দামো নকমে আৰু কৰ্মসংস্থানো বিশেষ বৃদ্ধি নহয়। তেওঁলোকৰ জীৱন নিৰ্বাহ উদ্বেগৰ কথা হৈ থাকিব।
গুৱাহাটীত পানীৰ সমস্যা
বোধহয় দহবছৰ মান হ’ল। পি, ছাইনাথ নামৰ এগৰাকী জনহিতৈষী বিদগ্ধ জনে দেখুওৱা কিছুমান চাঞ্চল্যকৰ শ্লাইড বা ডাঙৰ পৰ্দাত দেখুওৱা ফটো দেখাৰ সৌভাগ্য হৈছিল। দেখা গৈছিল একোটা দৰিদ্ৰ পৰিয়ালে দিনটো ব্যৱহাৰৰ বাবে পানী যোগাৰ কৰিবলৈ থকা এজনক ঘৰৰ পৰা দহ কিলোমিটাৰ পৰ্যন্ত দূৰলৈ পঠিয়াব লগা হয়। তেওঁ হাতত সাধ্যমতে গেলন, বাল্টি বা কলহ লৈ লাইনত ঠিয় হয়।
দিনটো পৰ দিয়াৰ পিছত সেইকেইটা ভৰাই মানে পৰিয়ালৰ আন কোনো সদস্য আহি দুয়ো ধৰাধৰিকৈ পানী ঘৰলৈ নিয়ে পিছদিনাৰ বাবে। কোৱা বাহুল্য সেইখিনি কোনোমতে জোৰে। পিছদিনা আকৌ যাত্ৰা। দীৰ্ঘকাল অপেক্ষা আৰু পানী সংগ্ৰহ। অৰ্থাৎ প্ৰয়োজনৰ পানীখিনি যোগাৰ কৰাও জীৱন সংগ্ৰামৰ এটা যাতনা হৈ পৰে।
একেসময়তে অলপ দূৰত থকা বিয়াগোম হোটেলত আন প্ৰয়োজনৰ কথা বাদেই, হোটেলৰ চুইমিং পুলৰ বাবে লাখ লাখ লিটাৰ দিনৌ মজুত ৰখা হয়। নষ্টও কৰা হয়। এনে পৰিস্থিতি আমাৰ ইয়াতো অহা দহ-পোন্ধৰ বছৰৰ ভিতৰত হ’বই, যদিহে এতিয়াৰ পৰা প্ৰতিকাৰৰ ব্যৱস্থা চৰকাৰ আৰু সমাজে গ্ৰহণ নকৰে।
ৰাজনৈতিক নেতা আৰু বিষয়াই ভাবে যে পানী যোগানৰ ব্যৱস্থাটো ঘাইকৈ পানীকলৰ দ্বাৰা পানী যোগাৰ কৰা আৰু পাইপেৰে যোগান ধৰাৰ সমস্যা। তাৰ বাবে দক্ষ ঠিকাদাৰ আৰু ভাল যন্ত্ৰ-পাতিৰ দৰকাৰ বুলি ভাবে। কিন্তু মুহূৰ্তমানো নাভাবে যে পানীৰ উৎসই শুকাব ধৰিছে। অনিয়ন্ত্ৰিত ‘ভিকাছৰ’ ফলত পানীৰ উৎসবোৰ ধ্বংস হৈ গৈছে। নদীৰ সোঁত, বৈ অনা পানীৰ পৰিমাণ বুজিব নোৱাৰা ধৰণে সলনি হ’ব ধৰিছে। কেতিয়াবা অতি বেছি, কেতিয়াবা অতি তাকৰ হৈছে। কল-কাৰাখানাই ব্যৱহাৰ্য পানীৰ প্ৰদূষণ ঘটাইছে। হোটেল বা এপাৰ্টমেন্টৰ প্ৰয়োজনত এহেজাৰ ফুট বা তাতকৈ তলৰ পৰা পানী শুহি অনা পাম্প বহুৱাৰ বাবে দ্ৰুতগতিত ভূগৰ্ভত থকা জলস্তৰ হ্ৰাস পাইছে। সৰ্বসাধাৰণৰ নাদ বা কুঁৱাত পানী নাথাকে। যিমান পানী শুহি নিয়া হয় তাৰ তুলনাত বহু কম পৰিমাণৰ পানী ভূগৰ্ভত জমা হয়।
ইয়াৰ অন্যতম ঘাই কাৰণ চহৰীয়া অঞ্চলত বিশাল পৰিমাণৰ মাটিৰ ওপৰভাগ ৰাস্তা-ঘাট বা আন প্ৰয়োজনত পকী কৰা হয়। নাগৰিকেও ঘৰৰ চোতাল পকা কৰি চাফা কৰি ৰাখিবলৈ বিচাৰে। ফলত বিস্তীৰ্ণ এলেকাত মাটিয়ে বৰষুণৰ পানী শুহি লোৱাৰ পূৰ্বৰ শক্তি হেৰুৱাইছে। গছ-গছনিয়েও বতাহৰ পৰা জলীয় ভাপ শুহি মাটি সেমেকা কৰি ৰাখে, কিছু অংশ পানী হৈ ভূগৰ্ভৰ তলৰ স্তৰলৈ নিজৰি যায়। সম্প্ৰতি অভাৱনীয়, প্ৰায় আসুৰিক হাৰত গছ-গছনি কটা হৈছে। ফ’ৰ লেইন ৰাস্তা বনাবলৈ হেজাৰ-বিজাৰ গছ কাটি পেলোৱা হয়, অবোধ জনতাই বাধাও নিদিয়ে। মাটিত পানী জমা হ’ব কেনেকৈ?
কেঁচা মাটি আমাৰ সমাজৰ বৰমূৰীয়াসকলৰ পৰম শত্ৰু যেন হৈ পৰিছে। পৌৰ নিগম, চৰকাৰে এইবোৰ ভয়ানক পৰিণামৰ কথা গহীনভাৱে বিবেচনা কৰাৰ সময় উপস্থিত হৈছে। ‘ভিকাছক’ জনগণৰ জীৱন ৰক্ষাৰ স্বাৰ্থতে লেকাম লগোৱাৰ সময় সমাগত। নিৰ্মাণ কাৰ্যই যাতে পানীৰ উৎস শুকুৱাব নোৱাৰে!
আপাতত: পানী ক’ৰপৰা পোৱা যাব? সম্প্ৰতি আমাক কিছু অসুবিধাত পেলোৱা, কিন্তু অত্যাধিক তাপমাত্ৰা হ্ৰাস কৰি বতৰ সহনীয় কৰি ৰখা বৰষুণজাকেই পানীৰ উৎস। ইতিমধ্যে উন্নত দেশবোৰত বৰষুণৰ পানী সংৰক্ষণ (Rain water harvesting)ৰ ব্যৱস্থাৰ বহুল প্ৰচলন হৈছে। কোনো কোনো চহৰত বৰষুণৰ পানী সংগ্ৰহ আৰু সঞ্চয় নকৰা নাগৰিকৰ ওপৰত জৰিমনাও বিহা হয়। আমাৰ ইয়াতো থলুৱা প্ৰযুক্তিবিদ আৰু অভিযন্তাৰ সহায়ত বৰষুণৰ পানী জমা কৰি ৰখা আৰু প্ৰয়োজনত শোধন কৰি ব্যৱহাৰ কৰিব পৰা ব্যৱস্থা গঢ়ি তোলা জৰুৰী প্ৰয়োজন হৈছে।
কিন্তু ইতিমধ্যে গছ কটা বন্ধ কৰা, গছ ৰোৱা, ভূস্তৰ অনাহকতে পকী কৰাৰ হুতাহ বন্ধ কৰা আদি পদক্ষেপো লোৱা দৰকাৰ। নতুবা চকু মুদি বহি থকাৰ ফলত এদিন পানীৰ কাৰণে অশান্তি, সামাজিক সংঘৰ্ষ, হাহাকাৰ বিয়পি পৰিব।
ভাষা বিভ্ৰাট আৰু জাতীয় সংকট
অলপতে গৃহমন্ত্ৰী অমিত শ্বাহে সংসদৰ ভাষা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ কমিটিখনত দেশৰ সকলো নাগৰিকক একত্ৰিত কৰাৰ উদ্দেশ্যে হিন্দীক দেশৰ সাধাৰণ বা সাৰ্বজনীন ভাষা ৰূপে প্ৰতিস্থা কৰাৰ আঁচনি ঘোষণা কৰিলে। আৰু তাৰ প্ৰথম পদক্ষেপ হিচাপে উত্তৰ-পূবৰ ৰাজ্যবোৰত বিদ্যালয়ৰ দশম শ্ৰেণীলৈ হিন্দীক বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তুতি চলোৱাৰ কথা প্ৰকাশ কৰিলে।
প্ৰধান উদ্দেশ্যটো ব্যক্ত হোৱাৰ লগে লগে দক্ষিণ ভাৰতত তীব্ৰ প্ৰতিক্ৰিয়া হ’ল। কিছু পলমকৈ হ’লেও অসমৰ ‘জাতীয়’ দল-সংগঠনবোৰেও ইয়াক ‘মানি লোৱা নহ’ব’ বুলিও হুংকাৰ দিছে। কাগজত তীব্ৰ আৰু সুদীৰ্ঘ বিবৃতি প্ৰকাশিত হৈছে। ‘কা’ আইনকো ‘মানি লোৱা নহ’ব’ বুলি গৰ্জন কৰি পৰৱৰ্তী কালত কা-আইনৰ উদ্যোক্তা সকলৰ লগত হাঁহিমুখে মিতিৰালি কৰিছিল এইসকলে। এতিয়া দেখিলেহে লেখিম।
হিন্দীৰ আগ্ৰাসন তথা অসমীয়া ভাষা-জাতিৰ স্বতন্ত্ৰ অস্তিত্ব বিলোপ কৰাৰ অভিযানত বাধা দিব কেনেকৈ? যদি হিন্দীক মাধ্যমিক শিক্ষাৰ বাধ্যতামূলক বিষয় কৰাটো সেই অভিযানৰ প্ৰথম পৰ্ব হয়, তেন্তে আপোচহীনভাৱে হিন্দীক ঐচ্ছিক বিষয় কৰি ৰাখিব লাগিব। এই উদ্দেশ্যে নিযুক্তি দিয়া কেইবা হাজাৰো হিন্দীক শিক্ষকক লৈ কি কৰা হ’ব, স্পষ্ট কৰক।
আৰু এটা কথা, অমিত শ্বাহে স্পষ্টকৈ জনাইছে যে ইতিমধ্যে উত্তৰ-পূবৰ ৰাজ্য চৰকাৰবোৰে নিজ-নিজৰ ৰাজ্যত হিন্দীক বাধ্যতামূলক বিষয় কৰি পেলাইছে। সঁচানে? যদি সঁচা, আমাৰ চৰকাৰক বাধ্য কৰক এই সিদ্ধান্ত বাতিল কৰিবলৈ। তেওঁলোকে হাতে-কামে একো নকৰিলে অসমীয়া ৰাইজেই কৰক সেই কামটো।