NORTHEAST NOW (Assamese)

নেতা আহিল, নেতা গ’ল…বিগত দুটা দশক কৃত্ৰিম বানৰ কৱলত হাজোৰ দুশটা পৰিয়াল

June 30, 2021 12:44 pm · মৃদুল প্ৰীতম ডেকা
Updated: June 30, 2021 12:45 pm
*

তীৰ্থনগৰী হাজোৰ প্ৰায় দুশটাকৈ পৰিয়াল এতিয়া কৃত্ৰিম বানত জলবন্দী। বিগত ২৩ টাকৈ দিনে এই কৃত্ৰিম বানপানীত জ্বলাকলা খাইছে হাজোৰ কুলহাটী আৰু বৰদধি অঞ্চলৰ বহু পৰিয়ালে।

এই কৃত্ৰিম বানপানীৰ বাবে কেইবাটাও পৰিয়ালে ইতিমধ্যে নিজৰ ঘৰ এৰি ভাৰাতীয় হিচাপে অন্য ঠাইত থাকিবলগীয়াও হৈছে।

গাওঁখনত আপুনি যেনিয়ে চাই তেনিয়েই দেখিব কেৱল পানী আৰু পানী।পথত পানী, ঘৰৰ ভিতৰত পানী।

মুঠতে পানী আৰু পানী। এতিয়া যেন কৃত্ৰিম বানত পণবন্দী হৈ এইসকল লোকৰ জনজীৱন এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে।

পৰিয়াল সমূহৰ এতিয়া নাজল-নাথল অৱস্থা। স্থানীয় প্ৰশাসনৰ লগতে বিধায়ক গৰাকীক এই বিষয়ে অৱগত কৰাৰ পাছতো কোনো সমাধান নোপোৱাত গাওঁবাসীৰ মাজত এক প্ৰকাৰ ক্ষোভৰ উদ্গিৰণ হৈছে।

অতি শীঘ্ৰে ইয়াৰ বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে ক্ষতিগ্ৰস্ত পৰিয়াল সমূহে।

Related News