বিশ্বনাথ জিলা প্ৰশাসনে ক’ভিড সন্দৰ্ভত জাৰি কৰিছে বিশেষ নিৰ্দেশনা ।
বিশ্বনাথ জিলাত শেহতীয়াকৈ ঘোষণা কৰা নিৰ্দেশনা অনুসৰি অব্যাহত আছে কণ্টেইনমেন্ট জ’ন ।
ৰাজ্য চৰকাৰে প্ৰকাশ কৰা শেহতীয়া SOP অনুসৰি ইতিমধ্যে গেলা মাল দোকান সমূহ বিয়লি ৫ বজাত বন্ধ কৰা নিৰ্দেশ দিছিল ।
কিন্তু বিশ্বনাথত সম্প্ৰতি বৃদ্ধি পাবলৈ ধৰা ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা উদ্বেগ জনক হোৱা বাবে বিশ্বনাথ জিলা প্ৰশাসন ঘোষণা কৰিছে নতুন নীতি নিৰ্দেশনা ।
জিলাখনত প্ৰশাসনে ইতিমধ্যে মাইক যোগে ঘোষণা কৰিছে যে সন্ধিয়া ৫ বজাৰ পৰিৱৰ্তে দিনৰ ১ বজাতে বন্ধ কৰিব লাগিব সকলো গেলামাল দোকান ।
উল্লেখ্য বিশ্বনাথত ক’ভিডৰ সংক্ৰমণ দিনক দিনে বৃদ্ধি পাই গৈ আছে।
জিলা খনত ক’ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰে নানা ধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।