বগা হাতীত পৰিণত গোলাঘাট পৌৰসভা; এজাক বৰষুণতে চহৰত কৃত্ৰিম বানৰ তাণ্ডৱ

IMG_20210710_140140

ফটো: নৰ্থইষ্ট নাও।

ক্ৰমে বগা হাতীত পৰিণত হৈছে গোলাঘাট পৌৰসভা। পৌৰসভাৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবে এতিয়া জীয়াতু ভুগিব লগীয়া হৈছে চহৰবাসীয়ে।

গোলাঘাট চহৰত কালি নিশা অহা এজাক বৰষুণতে কৃত্ৰিম বানত ডুব গ’ল বহু মানুহৰ ঘৰ আৰু সা-সম্পত্তি। ৰাইজৰ অভিযোগ অনুসৰি ,পৌৰসভাৰ গাফিলতিৰ বাবেই চহৰখনত এনেদৰে বৃদ্ধি পাইছে এই কৃত্ৰিম বানৰ তাণ্ডৱ।

গোলাঘাট নগৰৰ চন্দন নগৰ, ৰংপুৰ, নতুন আমোলাপট্টি,পুৰণা আমোলাপট্টি,তপন নগৰ, বেঙেনাখোৱাৰ লগতে ফৰকাটিং অঞ্চলৰ বিভিন্ন অঞ্চলতো কৃত্ৰিম বানে তাণ্ডৱ ৰূপ লৈছে।

বাট-পথৰ লগতে ঘৰুৱা সা-সম্পত্তি, প্ৰয়োজনীয় নথি-পত্ৰ‌ও কৃত্ৰিম বানত ডুব যোৱাত ৰাইজৰ মাজত এক হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ঘৰৰ অধিকাংশ ঠাই  পানীত ডুব যোৱাত এসাঁজ খাবলৈকো খাদ্যৰ অভাৱত ভুগিব লগীয়া হৈছে  গোলাঘাটবাসী।

এই সন্দৰ্ভত  দীৰ্ঘদিন ধৰি পৌৰসভাক অভিযোগ উত্থাপন কৰিও কোনো সঁহাৰি নোপোৱা ৰাইজৰ এতিয়া নাজল-নাথল অৱস্থাৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, কংগ্ৰেছ চৰকাৰৰ দিনত নিৰ্মাণ কৰা সকলো বাট-পথৰ এতিয়া তথৈবচ অৱস্থা। লগতে এই বাট-পথ সমূহ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰাৰো অভিযোগ উত্থাপন কৰিছে ৰাইজে।

বিশেষকৈ ৰাষ্টাৰ কাষৰ নলা-নৰ্দমাবোৰ বাৰিষাৰ আগত চাফা নকৰাৰো অভিযোগ তুলিছে চহৰবাসীয়ে। জাবৰে পুতি পেলোৱা এই নলাবোৰ বাম হৈ পৰাত সামান্য এজাক বৰষুণতে এনেদৰে দুৰ্ভোগ ভুগিবলগীয়া হৈছে নগৰবাসীয়ে।

কেৱল নামত থকা পৌৰসভাৰ এনে দায়িত্বজ্ঞানহীন কাণ্ডৰ বাবেই ৰাইজে ভুগিব লগা হৈছে এই চৰম  হাৰাশাস্তি। এসময়ত ৰাজ্যৰ ভিতৰতে শ্ৰেষ্ঠ পৌৰসভাৰ পুৰস্কাৰ লাভ কৰা গোলাঘাট পৌৰসভাৰ এনে অৱস্থাক এতিয়া  বগা হাতীৰ সৈতে  তুলনা কৰিছে গোলাঘাটবাসীয়ে।