চৰকাৰক সমালোচনা কৰাৰ বাবেই কেৰিয়াৰ সংকটাপন্ন কমেডিয়ানৰ

Munawar Faruqui

৫৬ ইঞ্চিৰ এজন বীৰপুৰুষে নেতৃত্ব লৈ থকা চৰকাৰখনে ভয় কৰে এজন সাধাৰণ কমেডিয়ানক। কমেডিৰ দ্বাৰা দেশৰ জনতাক সচেতন কৰি তোলাৰ আশংকাত কমেডিয়ানজনক কেৰিয়াৰেই শেষ কৰিবলৈ বাধ্য কৰা হ’ল।

হয়, জনপ্ৰিয় কমেডিয়ান মুনাৱাৰ ফাৰুকীৰ কথাই কোৱা হৈছে। ফাৰুকীৰ এটা দীঘলীয়া ইনষ্টাগ্ৰাম প’ষ্টক লৈ বৰ্তমান তীব্ৰ চৰ্চা আৰম্ভ হৈছে। কালি তেওঁ প’ষ্টটোৰ যোগেৰে জনাইছে যে তেওঁ আৰু ষ্টেণ্ড আপ কমেডি নকৰে। ষ্টেণ্ডআপ কমেডিয়ানৰ কেৰিয়াৰ তেওঁ শেষ কৰিছে।

তেওঁ লিখে- নফৰত জীত গয়ী, আৰ্টিষ্ট হাৰ গয়ী। অৰ্থাৎ ঘৃণাৰ জয় হৈছে, শিল্পীৰ পৰাজয় হৈছে। যিটো এটা অন্যায়।

কিন্তু কিয় তেওঁ এইদৰে ক’ব লগা হ’ল? ইয়াৰ কাৰণ হৈছে হিন্দুত্ববাদীৰ ৰোষত পৰি যোৱা দুমাহত তেওঁৰ ১২ টাকৈ কমেডি শ্ব’ বাতিল কৰা হৈছে। দেওবাৰেও বাংগালুৰুত তেওঁৰ শ্ব’ আছিল। কিন্তু বিজেপি শাসিত ৰাজ্য কৰ্ণাটকৰ বাংগালুৰু আৰক্ষীয়ে শ্ব’টো অনুষ্ঠিত কৰিবলৈ নিদিলে।

আৰক্ষীয়ে কয় যে কমেডিয়ানজনৰ আগমণে চহৰখনত আইন শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি ঘটাব। জানিব পৰা মতে, উক্ত শ্ব’টোৰ ৬০০ টাকৈ টিকেট ইতিমধ্যে বিক্ৰী হৈ গৈছিল।

এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে ফাৰুকী নিজেও সাম্প্ৰদায়িক সংঘৰ্ষৰ ভুক্তভোগী। ফাৰুকীৰ জন্ম হৈছিল গুজৰাটৰ জুনাগড়ৰ এটা মুছলিম পৰিয়ালত। ২০০২ চনত গুজৰাট সংঘৰ্ষ হয়। ইয়াৰ ফলস্বৰূপে ফাৰুকীৰ পৰিয়ালে গুজৰাট এৰি মুম্বাইলৈ প্ৰব্ৰজন কৰিব লগা হৈছিল। ২০১৯ চনত মুম্বাইৰ এটা কা-এনআৰচি বিৰোধী প্ৰতিবাদতো ফাৰুকীয়ে এই সংঘৰ্ষৰ বিষয়ে উল্লেখ কৰি এখন প্লেকাৰ্ড প্ৰদৰ্শন কৰিছিল।

চলিত বৰ্ষৰ প্ৰথমভাগত কমেডিয়ান মানুৱাৰ ফাৰুকীয়ে এমাহ ধৰি কাৰাগাৰত কটাব লগা হৈছিল। তেওঁৰ ওপৰত হিন্দু দেৱ-দেৱী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক লৈ আপত্তিজনক মন্তব্য কৰাৰ দৰে অভিযোগ উত্থাপিত হৈছিল। মধ্য প্ৰদেশৰ ইন্দোৰস্থিত হিন্দু ৰক্ষক সংগঠনে এই অভিযোগ কৰিছিল।

সংগঠনটোৰ মতে, ২ জানুৱাৰীত ইন্দোৰৰ এটা কাফেত অনুষ্ঠিত হ’বলগা এটা শ্ব’ৰ অনুশীলনকালত ফাৰুকীয়ে এই আপত্তিজনক মন্তব্য কৰিছিল। যাৰ ফলস্বৰূপে এমাহ ধৰি কাৰাবন্দী জীৱন কটাব লগা হৈছিল।

কিন্তু তেওঁৰ ওপৰত আৰোপিত অভিযোগসমূহৰ কোনো প্ৰমাণ নাছিল। ইয়াৰ কাৰণ হৈছিল উক্ত অভিযোগ উত্থাপিত হোৱাৰ পাছতে তেওঁৰ শ্ব’টো বাতিল কৰা গৈছিল। অৰ্থাৎ ফাৰুকীয়ে হিন্দু দেৱ-দেৱীৰ ওপৰত কোনো আপত্তিজনক মন্তব্য কৰাই নাছিল! সেয়ে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে তেওঁক ৩৭ দিনৰ অন্তত মুক্তি দিয়া হয়।

তাৰপাছতে হিন্দুত্ববাদীসকলৰ চকুৰ কূটা দাতৰ শূল হৈ পৰে ফাৰুকী। দেশৰ কেইবাখনো শীৰ্ষ চহৰত তেওঁৰ শ্ব’ বাতিল হয়। এনডিটিভক জনোৱামতে, ২৯ বৰ্ষীয় ফাৰুকীয়ে দৈনিক ৫০ টাকৈ মৃত্যুৰ ভাবুকি লাভ কৰি আহিছে।

উল্লেখযোগ্য যে শেহতীয়াকৈ দেশজুৰি ষ্টেণ্ড আপ কমেডিৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। দৰ্শকৰ সমাদৰ লাভ কৰিছে মানুৱাৰ ফাৰুকী, বীৰ দাস অথবা কুণাল কামৰাৰ দৰে কৌতুকশিল্পীবিলাকৰ। তেওঁলোকে কেৱল কৌতুকেই নহয়, জনসাধাৰণলৈ একোটা বাৰ্তাও কঢ়িয়াবলৈ চেষ্টা কৰি আহিছে। যাৰ ফলস্বৰূপে চৰকাৰৰ নজৰত বন্দী হ’ব লগা হৈছে। মুখামুখী হ’ব লগা হৈছে ভক্তসকলৰ অজস্ৰ ভাবুকি অথবা ট্ৰ’লৰ।

শেহতীয়াকৈ ‘টু ইণ্ডিয়াজ’ শীৰ্ষক এটা কমেডি শ্ব’ৰ যোগেৰে চৰ্চাত আছে বীৰ দাস। উক্ত শ্ব’টোত তেওঁ মোদী চৰকাৰৰ আমোলত সংঘটিত হোৱা জনবিৰোধী নীতিসমূহ উদঙাই দেখুৱাইছিল। তাতে জগৰ লাগিল।

প্ৰশ্ন উত্থাপন হৈছে, বিশ্বগুৰু হোৱাৰ লক্ষ্য লোৱা এখন চৰকাৰে কিয় এই কমেডিয়ানসকলক ভয় কৰিছে? অৱশ্যে ই অপ্ৰত্যাশিত নহয়। যেতিয়া দেশত নেতা-মন্ত্ৰীসকলে আজৱ আৰু নিকৃষ্ট ভাষ্যসমূহ প্ৰদান কৰিব ধৰে, চৰকাৰৰ আশীষধন্য অভিনেত্ৰীয়ে যেতিয়া আনকি দেশৰ স্বাধিনতা সংগ্ৰামক লৈও কৌতুক কৰিব পাৰে, তেনেস্থলত তাতকৈ কমেডি আৰু কি থাকিব পাৰে।

জনগণক নিজৰ অধিকাৰৰ বিষয়ে সচেতন কৰা বীৰ দাস অথবা মানুৱাৰ ফাৰুকী নহয়, দেশৰ নেতা-মন্ত্ৰীসকলহে বৰ্তমান একো একোজন কমেডিয়ান!