ঘোষণা হ’ল অৰুণাচল আৰু চিকিমৰ বিধান সভা নিৰ্বাচনৰ ফলাফল : শাসকীয় দলেই লাভ কৰিলে দুই ৰাজ্যৰ মচনদ

আজি ঘোষণা কৰা হ’ল উত্তৰ পূৱৰ দুই ৰাজ্য অৰুণাচল প্ৰদেশ আৰু চিকিম বিধান সভাৰ নিৰ্বাচনী ফলাফল।

অৰুণাচলৰ ৬০ খন আসনৰ ভিতৰত ১০ খন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় লাভ কৰাৰ লগতে আন ৩৬ খন আসনতো প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰি মুঠ ৪৬ খন আসন লাভেৰে জয় লাভ কৰে ভাৰতীয় জনতা পাৰ্টিয়ে।

বিজেপিয়ে অৰুণাচল প্ৰদেশত একেৰাহে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব।

ইফালে চিকিমত প্ৰেম সিং তামাঙৰ নেতৃত্বত জয় লাভ কৰে শাসকীয় ছিকিম ক্ৰান্তিকাৰী মৰ্চাই।

চিকিমৰ ৩২খন আসনৰ ভিতৰত ৩১খন আসনতেই জয় লাভ কৰি চৰকাৰ গঠন নিশ্চিত কৰিছে চিকিম ক্ৰান্তিকাৰী মৰ্চাই।

বৰ্তমানৰ মুখ্যমন্ত্ৰী তামাঙে একেৰাহে দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে সাজু হৈছে।