• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰত-ম্যানমাৰ সীমান্তত এনএচচিএন(খাপলাং-য়ুং আং)ৰে সংঘৰ্ষ : এগৰাকী জোৱান ছহিদ, আহত ২

মানস প্ৰতীম গগৈ by মানস প্ৰতীম গগৈ
May 22, 2021 8:56 pm
Changlang-750x375
341
VIEWS
Share on FacebookShare on Twitter

ভাৰত-ম্যানমাৰৰ সীমান্তত নগা বিদ্ৰোহী সংগঠনেৰে হোৱা এক সংঘৰ্ষত আছাম ৰাইফলছৰ এগৰাকী জোৱান ছহিদ হোৱাৰ লগতে অন্য দুগৰাকী জোৱান আহত হৈছে।

নিৰাপত্তা সংস্থাসমূহৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ভাৰত-ম্যানমাৰ সীমান্তৰ পৰা প্ৰায় ৫ কিলোমিটাৰ নিলগৰ আৰু অৰুণাচল প্ৰদেশৰ নামপং ৰাজহ চক্ৰৰ লংভি গাঁৱৰ পৰা ৮-৯ কিলোমিটাৰ দূৰত্বত অৱস্থিত ১৭২ নং সীমান্তৰ চকীৰ অন্তৰ্গত এলেকাত এনএচচিএন(খাপলাং- য়ুং আং) গোটে অভিযানকাৰী আছাম ৰাইফলছৰ এটা দলৰ ওপৰত অতৰ্কিতে গুলীবৰ্ষণ কৰাৰ ফলতে এই সংঘৰ্ষৰ সূত্ৰপাত হয়।

বিদ্ৰোহী গোটৰ অতৰ্কিত গুলীবৰ্ষণত আছাম ৰাইফলছৰ ৰাইফলমেন অৱতাৰ চাকমা ছহিদ হোৱাৰ লগতে ৰাইফলমেন বাবলু আৰু ৰাইফলমেন বলদেৱ আহত হৈছে।

ইতিমধ্যে আহত দুই জোৱানক হেলিকপ্টাৰেৰে উদ্ধাৰ কৰি সামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আহত দুয়োজন ৰাইফলমেনৰ অৱস্থা সংকটমুক্ত বুলি প্ৰকাশ কৰিছে সূত্ৰটোৱে।

নিৰাপত্তা সংস্থাসমূহৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিদ্ৰোহী সংগঠন এনএচচিএন(খাপলাং-য়ুং আং)ৰ কামাণ্ডাৰ এচএচ মেজৰ মাকাম হাচেঙৰ নেতৃত্বত এটা দলে আছাম ৰাইফলছৰ অভিযানকাৰী দলটোৰ ওপৰত এম্বুশ চলায়।

ইফালে সংঘৰ্ষস্থলীৰ পৰা অভিযানকাৰী দলটোৱে প্ৰায় ১০ লাখৰ টকাৰ বৃহৎ পৰিমাণৰ হিৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

চাংলাং জিলাৰ আৰক্ষী অধীক্ষক মিহিন গাম্ব’ৱে গোটেই দিনটো বিদ্ৰোহী গোটটোৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা হৈছে বুলি মন্তব্য কৰি অভিযানৰ সবিশেষ তথ্য সদৰী কৰাৰ পৰা বিৰত থাকে।

উল্লেখ্য যে যোৱা অক্টোবৰতো ভাৰত-ম্যানমাৰ সীমান্তৰ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ মানমাও পথৰ চেনমৌ গাঁৱত নগা বিদ্ৰোহী গোটৰ সৈতে হোৱা এক সংঘৰ্ষত ১৯ আছাম ৰাইফলছৰ দুগৰাকী জোৱান ছহিদ হোৱাৰ লগতে কেবাজনো জোৱান আহত হৈছিল।

Recent News

বন্দী বিনিময়ৰ মাজতে ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই ক্ষত-বিক্ষত কৰিছে ইউক্ৰেইন!

বন্দী বিনিময়ৰ মাজতে ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই ক্ষত-বিক্ষত কৰিছে ইউক্ৰেইন!

‘সিন্দূৰ দান শিবিৰ’! মোদীক লৈ ব্যংগ জনপ্ৰিয় অভিনেতা প্ৰকাশ ৰাজৰ

‘সিন্দূৰ দান শিবিৰ’! মোদীক লৈ ব্যংগ জনপ্ৰিয় অভিনেতা প্ৰকাশ ৰাজৰ

পদত্যাগ কৰিব মহম্মদ ইউনুছে! পুনৰ ৰাজনৈতিক অস্থিৰতাৰ মাজলৈ গতি কৰিব নেকি বাংলাদেশ

পদত্যাগ কৰিব মহম্মদ ইউনুছে! পুনৰ ৰাজনৈতিক অস্থিৰতাৰ মাজলৈ গতি কৰিব নেকি বাংলাদেশ

১৯ বাৰ নেপাল হৈ অথবা খোজকাঢ়ি পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈৰ পত্নী! মুখ্যমন্ত্ৰীৰ বিস্ফোৰক অভিযোগ

১৯ বাৰ নেপাল হৈ অথবা খোজকাঢ়ি পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈৰ পত্নী! মুখ্যমন্ত্ৰীৰ বিস্ফোৰক অভিযোগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd