NORTHEAST NOW (Assamese)

অৰুণাচলপ্ৰদেশত নতুনকৈ ১৭৯ গৰাকী লোক কোভিড প’জিটিভ; মুঠ মৃতকৰ সংখ্যা ৩০ গৰাকীলৈ বৃদ্ধি

October 18, 2020 4:18 pm · এন ই নাও নিউজ

অৰুণাচলপ্ৰদেশত বিগত ২৪ ঘণ্টাত নতুনকৈ ১৭৯ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

ইয়াৰ ফলত অৰুণাচলপ্ৰদেশত ক’ৰ’না আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১৩,৩৪৮ গৰাকীলৈ বৃদ্ধি পায়।

আনহতে, ৰাজ্যখনত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাও ৩০ গৰাকীলৈ বৃদ্ধি পাইছে।

অৰুণাচলপ্ৰদেশৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি ৰাজ্যখনৰ ২২ খন জিলাত ১৭৯ গৰাকী লোক কোভিড প’জিটিভ হয়।

অৰুণাচলপ্ৰদেশৰ ২২ খন জিলাৰ ভিতৰত ৰাজধানী ইটানগৰত সৰ্বাধিক সংখ্যক লোক কোভিড প’জিটিভ হয়।

ইটানগৰৰ কোভিড প’জিটিভ হোৱা ৭৭ গৰাকী লোকৰ ভিতৰত ২৬ গৰাকী লোকৰ শৰীৰত ক’ৰ’নাৰ লক্ষণ দেখা দিছে বাকী সংখ্যক লোকৰ শৰীৰত কোনো লক্ষণ দেখা দিয়া নায়।

আনহাতে, শেহতীয়াভাৱে অৰুণাচলপ্ৰদেশত মুঠ ২৪৪ গৰাকী লোকক চিকিৎসাৰ অন্তত ক’ৰ’না মুক্ত ঘোষণা কৰা হয়।

অৰুণাচলপ্ৰদেশৰ ১৭ খন জিলাত এইসকল লোকে চিকিৎসাৰ অন্তত আৰোগ্য লাভ কৰে।

পাহাৰীয়া ৰাজ্যখনত বৰ্তমানলৈ মুঠ ১০,৩১৫ গৰাকী লোক চিকিৎসাৰ অন্তত সম্পুৰ্ণৰূপে ক’ৰ’না মুক্ত হৈছে।

ৰাজ্যখনত আৰোগ্য লাভৰ হাৰ হৈছে ৭৭.২৭ শতাংশ।

বৰ্তমান অৰুণাচলত ৩,০০৩ গৰাকী সক্ৰিয় কোভিড ৰোগী চিকিৎসাধীন হৈ আছে।

Related News