অৰুণাচলৰ ৮ টা বুথত পুনৰ হ’ব ভোটগ্ৰহণ : ঘোষণা নিৰ্বাচন আয়োগৰ

দেওবাৰে নিৰ্বাচন আয়োগে মণিপুৰৰ ১১টা বুথত পুনৰ নিৰ্বাচনৰ নিৰ্দেশ দিয়ে। সোমবাৰে উত্তৰ-পূবৰ আন এখন ৰাজ্য অৰুণাচলৰ ৮টা বুথত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিয়া হয়।

অৰুণাচলৰ মুখ্য নিৰ্বাচনী বিষয়া লাইকেন কয়ুৱে সোমবাৰে কয় যে, “অহা ২৪ এপ্ৰিল (বুধবাৰ) পুৱা ৬ বজাৰ পৰা বিয়লি ২ বজালৈ সেই বুথসমূহত পুনৰ ভোটগ্ৰহণ কৰা হ’ব।”

পুনৰ ভোটদান হ’বলগীয়া বুথসমূহৰ ভিতৰত আছে পূৱ কামেং জিলাৰ বামেং বিধান সভা সমষ্টিৰ ছাৰিঅ’, কুৰুং কুমেইৰ নিয়াপিন বিধান সভা সমষ্টিৰ লংটে লোথ, ডিংছেৰ, বগিয়া ছিয়ুম, জিম্বাৰি আৰু উজনি  সোৱণশিৰি জিলাৰ নাচো বিধান সভা সমষ্টিৰ অন্তৰ্গত লেংগী ভোটগ্ৰহণ কেন্দ্ৰ। ইয়াৰ উপৰিও ছিয়াং জিলাৰ ৰামগং বিধানসভা সমষ্টিৰ বগনে আৰু মলম বুথতো পুনৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

প্ৰসংগক্ৰমে যোৱা শুকুৰবাৰে অৰুণাচলতো দুটা লোকসভা সমষ্টিৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। ইতিমধ্যে ৰাজ্যৰ ৬০খন বিধানসভাৰ ভিতৰত ৭খন বিনা প্ৰতিদ্বন্দ্বিতাত জয়ী হৈছে শাসকীয় দল বিজেপি। ২০১৪ চনৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰি অৰুণাচলত কংগ্ৰেছে চৰকাৰ গঠন কৰিছিল যদিও পিছত মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৱে কেইবাজনো বিধায়কৰ সৈতে বিজেপিত যোগদান কৰি চৰকাৰ গঠন কৰে।

উল্লেখ্য, ৪ জুনত লোকসভা নিৰ্বাচনৰ ভোট গণনা হোৱাৰ বিপৰীতে ২ জুনত অৰুণাচল বিধানসভাৰ নিৰ্বাচনৰ ভোট গণনা কৰা হ’ব।