অৰুণাচল প্ৰদেশত “হিমবিজয়”ত নামিব ১৫ হাজাৰ ভাৰতীয় সেনা

Arunachal Pradesh: Over 15,000 Indian soldiers to participate in exercise ‘HimVijay’ in October

প্ৰতীকী ছবি।

ভাৰতীয় সেনাৰ ১৫হাজাৰতকৈয়ো অধিক সৈন্য অহা অক্তোবৰত “হিমবিজয়”ত নামিব অৰুণাচল প্ৰদেশত।

ভাৰতীয় সেনাৰ মাউণ্টেইন ষ্ট্ৰাইক ক’ৰে প্ৰথমবাৰৰ বাবে চলাবলৈ লৈছে এই “হিমবিজয়” অনুশীলন, বাতৰিত প্ৰকাশ।

সমুদ্ৰপৃষ্ঠৰ ১০হাজাৰ ফুটৰ অধিক উচ্চতাত চলিব লগা এই অনুশীলনত কেৱল বিপুলসংখ্যক সৈন্যয়েই নহয়, লগতে থাকিব অত্যাধুনিক যুদ্ধাস্ত্ৰ আৰু বাহন।

ত্ৰানস্প’ৰ্ট এয়াৰক্ৰাফতকে ধৰি এই অনুশীলনত ব্যৱহৃত হ’ব টেংক, মিডিয়াম আৰ্টিলাৰি আৰু হেলিকপ্তাৰ।

অস্ত্ৰ বা সৈন্যসংখ্যা নহয়, সমৰকৌশলৰ ফালৰ পৰা অত্যন্ত নিৰ্ণায়ক আৰু তাৎপৰ্য্যপূৰ্ণ হ’ব এই “হিমবিজয়”।

ই হ’ব ভাৰতীয় সেনাত সংস্কাৰৰ বাবে ২০১৭ চনতে জেনেৰেল বিপিন ৰাৱতে আৰম্ভ কৰা “ইণ্টিগ্ৰে’টেদ বেটল গ্ৰুপ”ৰ পৰীক্ষা।

বাতৰি মতে, এই অনুশীলনত সেনা মুৰব্বীৰ লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তা উপদেষ্টাসকলে তীক্ষ্ণ নজৰ ৰাখিব।

ভাৰতীয় সেনাৰ যুদ্ধ প্ৰস্তুতি (mobilise)ৰ সময়কাল হ্ৰাসৰ বাবে গঠিত আই বি জিয়ে আক্ৰমণৰ বাবে সাজু হ’বলৈ সময় লয় সৰ্বাধিক ২৪ ঘণ্টা।

ভাৰতীয় সেনাৰ একোটা ডিভিজনৰ দৰে গঠন কৰা এই গোট ক’ৰৰদ্বাৰা পোনপটীয়াকৈ পৰিচালিত হ’ব। থাকিব আৰ্টিলাৰি, আৰ্মাৰ্দ, কম্বেট এঞ্জিনিয়াৰ্ছ আৰু চিগনেল ইউনিট।

অৰুণাচল প্ৰদেশত চলিব লগা অনুশীলনত আই বি জিৰ তিনিটা গোটে ভাগ ল’ব। প্ৰতিটোতে থাকিব ৫০০০ সৈন্য।

সৈন্য আৰু যুদ্ধাস্ত্ৰ পৰিবহণৰ বাবে ভাৰতীয় বায়ু সেনাও এই অনুশীলনত ব্যৱহৃত হ’ব।

এই বিশাল অনুশীলনৰ প্ৰস্তুতিক লৈ ভাৰতীয় সেনাই এতিয়ালৈকে কোনো বিবৃতি জাৰি কৰা নাই।

কিন্তু, বাতৰি মতে, চীন সীমান্তত “এল এ চিৰ কিছু দূৰতে এই অনুশীলন চলোৱা হ’ব।”