অসমৰ ভূমিত অৰুণাচলীৰ দপদপনি : দল বান্ধি আহি জ্বলাই থৈ গ’ল খিলঞ্জীয়াৰ ঘৰ

dog

*

এইবাৰ নগাৰ আগ্ৰাসন নহয় এইবাৰ অৰুণাচলীৰ আগ্ৰাসন ।

অসমৰ ভূমিত এতিয়া চলিছে অৰুণাচলীৰ দপদপনি ।

কেৱল দপদপনিতে সীমিত নাথাকি নিশাৰ ভিতৰত পুৰি চাৰখাৰ কৰিলে খিলঞ্জীয়াৰ ঘৰ ।

অসম অৰুণাচল সীমান্তৰ বৰ ঝাৰণি পঞ্চায়তৰ অন্তৰ্গত ভৰালীজুলীত অৰুণাচলীৰ এতিয়া মুক্ত আগ্ৰাসন চলিছে ।

আগ্ৰাসনকাৰী অৰুণাচলীয়ে ইতিমধ্যে ছাত্ৰ ছাত্ৰী নথকা বিদ্যালয় আদি দখল কৰি ঘৰ-সংসাৰ পাতিছে। এনে কৰিবলৈ গৈ অসমৰ ভূমিত থকা খিলঞ্জীয়াৰ ঘৰ জ্বলাই দিয়ে অৰুণাচলীয়ে ।

হাতে হাতে দা-যাঠী আদি লৈ অহা অৰুণাচলীৰ এটা ১৩ জনীয়া দলে যোৱা ৯জুনত মহেন্দ্ৰ ওৰাং নামৰ ব্যক্তিজন থকা ঘৰটোলৈ আহে আৰু অৰুণাচলীৰ হৈ খেতি কৰিবলৈ কয় ।

নহলে ঘৰৰ পৰা খেদি দিম বুলি ভয় ভাবুকি প্ৰদান কৰে ।

কিন্তু মহেন্দ্ৰই খেতি নকৰো বুলি কয় আৰু ভয়তে যোৱা ২০ জুনত উক্ত স্থানৰ পৰা পলায়ন কৰে । এই কথাতে ক্ষুদ্ধ হৈ অৰুণাচলীয়ে মহেন্দ্ৰৰ ঘৰটো জ্বলাই দিয়ে ।

অভিযোগ অনুসৰি অৰুণাচলৰ বালিচৌ গাৱৰ দুংজুং ৱাগে, আৰু নাব্ৰ’ কিন’ নামৰ গাঁওবুঢ়া দুজনো আছিল উক্ত দলটোত ।

সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগীয়ে জিনজিয়া আৰক্ষীক অৱগত কৰাৰ লগতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে ।