অৰুণাচলৰ প্ৰথমগৰাকী আৰক্ষী সঞ্চালকপ্ৰধান হিচাপে চিহ্নিত IPS ৰবীন হিবু

অৰুণাচল প্ৰদেশৰ ৰবীন হিবুৱে ৰাজ্যৰ প্ৰথমজন আই পি এছ বিষয়া হিচাপে পদোন্নতি লাভ কৰি আৰক্ষী সঞ্চালক প্ৰধান পদত অধিষ্ঠিত হৈছে৷বৰ্তমান দিল্লী আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰা হিবুৰ নিষ্ঠা আৰু সেৱাৰ বিষয়ে সকলো জ্ঞাত৷

১৯৯৩ চনৰ এজিএমইউটিৰ কেডাৰ বিষয়াগৰাকীয়ে পূৰ্বে দিল্লী আৰক্ষীৰ বিশেষ আয়ুক্তৰ পদত অধিষ্ঠিত হৈ পৰিবহণ সুৰক্ষা বিভাগৰ নিযুক্তি অধ্যক্ষ আৰু ভিজিলেন্স মুৰব্বীকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ ভূমিকাত কাৰ্যনিৰ্বাহ কৰি আহিছে।

নামনি সোৱণশিৰি জিলাৰ গাঁও হঙৰ পৰা অহা হিবুৰ এই যাত্ৰা বহুতৰে বাবে প্ৰেৰণাদায়ক। হঙৰ কস্তুৰবা গান্ধী সেৱা আশ্ৰমত স্কুলীয়া শিক্ষা গ্ৰহণ কৰি হিবুৱে পাছিঘাটৰ জে এন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।

দুৰ্বল আৰ্থিক পটভূমিৰ প্ৰত্যাহ্বান সত্ত্বেও হিবুৰ কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তাই তেওঁ ৰাজ্যিক অসামৰিক সেৱাৰ পৰীক্ষা আৰু পিছলৈ ১৯৯৩ চনত ইউ পি এছ চিৰ বহু আকাংক্ষিত পৰীক্ষাত উত্তীৰ্ণ কৰি অৰুণাচল প্ৰদেশৰ প্ৰথমজন আই পি এছ বিষয়া হিচাপে পৰিগণিত হয়।

হিবুৰ বিশিষ্ট সেৱাৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতিৰ আৰক্ষীৰ পদকো লাভ কৰিছে।২০২১ চনত তেওঁক ভাৰত চৰকাৰৰ পৰা অতি-উৎকৃষ্ট সেৱা পদক প্ৰদান কৰা হয়। ইয়াৰ পূৰ্বে অৰুণাচল প্ৰদেশত থকা সময়ছোৱাত তেওঁৰ সেৱাৰ বাবে দুটা স্বৰ্ণ পদকেৰেও তেওঁৰ গৃহ ৰাজ্যই স্বীকৃতি প্ৰদান কৰিছে।

হিবুৰ পদোন্নতিৰ খবৰ লাভ কৰি অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু উপ-মুখ্যমন্ত্ৰী চৌনা মেইনে শুভেচ্ছামূলক বাৰ্তা প্ৰেৰণ কৰিছে।