মুক্ত আকাশৰ তললৈ কেজৰিৱাল; বৃহৎ সমাৱেশক উদ্দেশ্যি- ‘মই ঘূৰি আহিছোঁ’

দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক চলি থকা লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰাৰ কিছু ঘণ্টাৰ পাছত শুকুৰবাৰে সন্ধিয়া তিহাৰ জেলৰ পৰা মুকলি কৰি দিয়া হয়।নিজৰ চৰকাৰী বাসগৃহত উপস্থিত হোৱাৰ পাছতে অৰবিন্দ কেজৰিৱালে আপ সমৰ্থকৰ এক বৃহৎ সমাৱেশক সম্বোধন কৰি কয় যে “মই ঘূৰি আহিছো৷আপোনালোক সকলোৰে সন্মুখত থাকি ভাল লাগিছে। মই আপোনালোকক কৈছিলো যে মই সোনকালে উভতি আহিম।মই আপোনালোক সকলোকে ধন্যবাদ দিব বিচাৰো। আপোনালোকে মোক আপোনালোকৰ আশীৰ্বাদ দিলে। মই উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক ধন্যবাদ দিব বিচাৰো, তেওঁলোকৰ বাবেই মই আপোনালোকৰ সন্মুখত আছো। আমি দেশখনক একনায়কত্ববাদৰ পৰা বচাব লাগিব।”

কাইলৈ (শনিবাৰে) দিল্লীৰ কন’ট প্লেচৰ হনুমান মন্দিৰত সমৰ্থকসকলক সমবেত হ’বলৈও মুখ্যমন্ত্ৰীজনে আহ্বান জনায়।কাইলৈ ভগৱান হনুমানৰ পৰা আশীৰ্বাদ লোৱাৰ পাছত দিনৰ ১ বজাত দলৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত কৰিব আপৰ মুৰব্বীগৰাকীয়ে।

৫০ দিনৰ জিম্মাত থকাৰ পাছত লোকসভা নিৰ্বাচনী প্ৰচাৰৰ বাবে ২১ দিনৰ মুক্তিৰ অনুমতি প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে কেজৰিৱালক সপ্তম পৰ্যায়ৰ নিৰ্বাচনৰ শেষ পৰ্যায় শেষ হোৱাৰ এদিন পাছত ২ জুনত নিজকে আত্মসমৰ্পণ কৰিবলৈ কয়।তেওঁক আদৰিবলৈ কাৰাগাৰ কমপ্লেক্সৰ বাহিৰত সমবেত হৈছিল কেইবাজনো আপ কৰ্মী আৰু নেতা। অৱশ্যে পত্নী সুনীতা কেজৰিৱাল, কন্যা হৰ্ষিতা আৰু আপ ৰাজ্যসভাৰ সাংসদ সন্দীপ পাঠকৰ সৈতে কনভয়ত মুখ্যমন্ত্রীগৰাকীয়ে কাৰাগাৰ চৌহদৰ পৰা ওলাই যায়।

দিল্লীৰ মন্ত্ৰীগৰাকীয়ে কয় যে কেজৰিৱালক ৪০ দিনৰ পাছত অন্তৱৰ্তীকালীন জামিন লাভ কৰাটো এক অলৌকিকতাতকৈ কম নহয়। দেশত প্ৰচলিত পৰিস্থিতি সলনি হ’ব বুলিও এক ঐশ্বৰিক ইংগিত পোৱা গৈছে।তেওঁৰ মুক্তিৰ ফলত দেশত বৃহৎ পৰিৱৰ্তনৰ পথ মুকলি হ’ব বুলি মন্তব্য কৰে আপৰ জ্যেষ্ঠ নেতা সৌৰভ ভৰদ্বাজে।