লক্ষ্য মোদীৰ ৰাজ্য! এইবাৰ গুজৰাটত গৈ বিজেপিক প্ৰত্যাহ্বান জনালে কেজৰিৱালে

দিল্লীৰ পিছত পঞ্জাৱতো চৰকাৰ গঠন কৰাৰ পিছত আম আদমী পাৰ্টিয়ে এইবাৰ তেওঁলোকৰ লক্ষ্য কেন্দ্ৰীভূত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজ্য গুজৰাটত।

কেইদিনমান পূৰ্বে কৰ্ণাটকতো গৈ অৰবিন্দ কেজৰিৱালে দাবী কৰিছিল যে ৰাজ্যখনত আপে পৰৱৰ্তী চৰকাৰ গঠন কৰিব। কিন্তু এইবাৰ কেজৰিৱালৰ লক্ষ্য গুজৰাট। ৰাজ্যখনত উপস্থিত হৈ আপৰ সৰ্বভাৰতীয় আহ্বায়ক কেজৰিৱালে পোনপটীয়াকৈ বিজেপিক প্ৰত্যাহ্বান জনায়।

দেওবাৰে গুজৰাটৰ এখন সভাত ভাষণ দি কেজৰিৱালে কয় যে নথিৰ নিৰিখত গুজৰাটে বিশ্ব অভিলেখ গঢ়িছে। ৰাজ্যখনৰ হাস্পাতাল তথা বিদ্যালয় একপ্ৰকাৰ পৰিত্যক্ত হৈ পৰিছে। এইদৰে বিজেপিলৈ প্ৰত্যাহ্বান জনায় কেজৰিৱালে।

লগতে পঢ়ক: কংগ্ৰেছৰ সৈতে নিমিলিল কথা; আজি নতুন পৰিকল্পনাৰ কথা সদৰী কৰিব প্ৰশান্ত কিশোৰে

চলিত বছৰৰ অন্তিম ভাগত গুজৰাট বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। সেই নিৰ্বাচনত বিজেপিক আপে পৰাজিত কৰিব বুলি দাবী কৰে আপৰ নেতাগৰাকীয়ে।

দেওবাৰে ৰাজ্যখনৰ ভাৰুচ জিলাৰ ভালিয়াৰ চান্দেৰিয়া অঞ্চলত এখন আদিবাসী লোকৰ জনসভাত কেজৰিৱালে ভাষণ দিছিল। তাত ছোটুভাই ভাচাভাৰ ভাৰতীয় জনজাতি পাৰ্টি (বিটিপি)ৰ সৈতে আম আদমী পাৰ্টিৰ মিত্ৰতাৰ কথাও তেওঁ সদৰী কৰে।

কেজৰিৱালে গুজৰাটৰ জনসাধাৰণে আপক ভোট দিব বুলি দাবী কৰি কয় যে তেওঁলোকে বিজেপিৰ অহংকাৰ ভঙাত সহায় কৰিব। এই সভাত আদিবাসী মহাসন্মিলনৰ নেতা গোপাল ইটালিয়া, ইছুদান গাধভি, ইন্দ্ৰনীল ৰাজগুৰু  তথা বিটিপি দলৰ মুৰব্বী ছোটুভাই আৰু তেওঁৰ পুত্ৰ বিধায়ক তথা দলটোৰ সভাপতি মহেশ ভাচাভাও উপস্থিত থাকে।

লগতে পঢ়ক: ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ আছে দুই ‘গোপন’ পুত্ৰ সন্তান! সন্ধান দিলে ছুইচ সংবাদ মাধ্যমে

নিজৰ ভাষণত কেজৰিৱালে কয়,’’শুনিবলৈ পাইছো গুজৰাটৰ নিৰ্বাচন আগুৱাই অনা হ’ব। কিয়নো বিজেপিয়ে আমাৰ আম আদমি পাৰ্টিক ভয় কৰে। আমি দিল্লীত দুবাৰকৈ আৰু বৰ্তমান পঞ্জাৱত চৰকাৰ গঠন কৰিছো। এইবাৰ লক্ষ্য গুজৰাট। বিজেপিয়ে ডিচেম্বৰলৈকে সময় দিলেও গুজৰাট আপৰ হাতলৈয়ে যাব। আমাৰ ওপৰত কেবল ভগবান আৰু জনসাধাৰণৰ সমৰ্থন আছে। বিজেপিয়ে এতিয়াই কৰক বা ছয়মাহ পিছতেই নিৰ্বাচন অনুষ্ঠিত কৰক আমি বিজেপিক হৰুৱামেই।‘’

সভাত উপস্থিত থকা নৰ্মদা আৰু ভাৰুচৰ আদিবাসী দৰ্শকক সম্বোধি কেজৰিৱালে কয় যে গুজৰাটৰ বিজেপি নেতা সকল অহংকাৰী হৈ উঠিছে। তেওঁলোকে কংগ্ৰেছৰ নেতাসলক পকেটত ভৰাই লৈছে। সেয়ে বিগত ২৭ বছৰ গুজৰাটত কোনো ৰাজনৈতিক সাসসলনি ঘটা নাই।   

কেজৰিৱালে উপস্থিত ৰাইজৰ জৰিয়তে এবাৰ আম আদমি পাৰ্টিক ৰাজ্যখনত ক্ষমতাত বহুওৱাৰ বাবে গুজৰাটৰ জনতালৈ আহ্বান জনায়।