DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কংগ্ৰেছৰ সৈতে নিমিলিল কথা; আজি নতুন পৰিকল্পনাৰ কথা সদৰী কৰিব প্ৰশান্ত কিশোৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 2, 2022 9:29 am
265
VIEWS
Share on FacebookShare on Twitter

ৰাজনীতিৰ কথাৰ বাহিৰে কোনো কাৰণতে তেওঁ আন কথাত মূৰ সোমাবলৈ আগ্ৰহী নহয়। নিজৰ লক্ষ্যত অটল থাকিয়েই ৰাজনৈতিক জীৱনৰ নতুন পৰিকল্পনাৰ দিশে আগবাঢ়িছে নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰে।

সূত্ৰসমূহৰ মতে সোমবাৰেই প্ৰশান্ত কিশোৰে তেওঁৰ নতুন পৰিকল্পনাৰ কথা সদৰী কৰিব। আনকি তেওঁ নিজৰ নতুন দলৰ কথাও ঘোষণা কৰিব পাৰে। ৰাজনৈতিক দল খুলি সংসদীয় ৰাজনীতিত খোজ পেলাব নেকি সেয়া সোমবাৰে স্পষ্ট হ’ব।

একাংশ ৰাজনৈতিক মহলৰ মতে প্ৰশান্ত কিশোৰে নিজাকৈ ৰাজনৈতিক দল খুলিব বুলি তেওঁলোকে ধাৰণা কৰিছে। তেওঁলোকৰ মতে কংগ্ৰেছৰ সৈতে কেইবালানিও আলোচনাত বহিও যেতিয়া কোনো সমাধান সূত্ৰ নোলাল তেতিয়াই প্ৰশান্ত কিশোৰৰ ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে অনুমান কৰিব পৰা গৈছিল।

লগতে পঢ়ক: ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ আছে দুই ‘গোপন’ পুত্ৰ সন্তান! সন্ধান দিলে ছুইচ সংবাদ মাধ্যমে

আন একাংশৰ দাবী যে আন ৰাজনৈতিক দলৰ সৈতে নহয়, এইবাৰ নিজেই ৰাজনৈতিক দল খুলি পোনপটীয়াকৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব কিশোৰ।

কিন্তু তাৰমাজতে কিছুমানে দাবী কৰিব খোজে যে তেওঁ নিৰ্বাচনী ৰণনীতিবিদ হিচাপে নিজৰ কেৰিয়াৰ আগবঢ়াই নিব। এতিয়াও তেওঁ নিৰ্বাচনী ৰণনীতিবিদ হিচাপে তৃণমূল কংগ্ৰেছৰ সৈতে থকাৰ কথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে স্পষ্ট কৰিছে।

কংগ্ৰেছক পুনৰুজ্জীৱিত কৰাৰ বাবে প্ৰশান্ত কিশোৰে যি পৰিকল্পনা দাঙি ধৰিছিল সেয়া কংগ্ৰেছ নেতৃত্বই মানি লৈছিল যদিও সেয়া কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কংগ্ৰেছ নেতৃত্বই তেওঁক পতিয়ন নিয়াব নোৱাৰিলে।

লগতে পঢ়ক: যুদ্ধৰ আঁৰৰ খৱৰ: ডলাৰৰ বিপৰীতে অবিশ্বাস্যভাৱে বৃদ্ধি পাইছে ৰাছিয়াৰ মুদ্ৰাৰ মূল্য!

প্ৰশান্ত কিশোৰে জানিবলৈ দিছিল যে আগন্তুক দিনত তেওঁ এগৰাকী ৰাজনীতিবিদ হিচাপেই কাম কৰিব বিচাৰে। তেতিয়াৰে পৰাই বিভিন্ন মহলত তেওঁৰ নতুন ৰাজনৈতিক জীৱনকলৈ বিভিন্ন জল্পনা-কল্পনা আৰম্ভ হৈছে।

এই সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই আজি প্ৰশান্ত কিশোৰে তেওঁৰ নতুন পৰিকল্পনা সদৰী কৰিব। ইয়াৰ বাবে তেওঁ ইতিমধ্যে গৈ পাটনাত উপস্থিত হৈছে।       

Recent News

Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd