কংগ্ৰেছৰ প্ৰতি সদয় কেজৰিৱাল! ৰাহুল গান্ধীলৈ মুকলি সমৰ্থন

Kejriwal Supports Rahul Gandhi

স্ব-পৰিচিত কংগ্ৰেছ বিৰোধী স্থিতি এৰি প্ৰথমবাৰৰ বাবে এইবাৰ কংগ্ৰেছৰ প্ৰতি সমৰ্থন আগবঢ়াইছে দিল্লীৰ মুখ্যমন্ত্রী তথা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীক মানহানিৰ গোচৰত চুৰাট আদালতে দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰাৰ পিছত ৰাহুল গান্ধীৰ প্ৰতি মুকলি সমৰ্থন প্ৰকাশ কৰিছে কেজৰিৱালে।

আপ মুৰব্বীগৰাকীয়ে লগতে শাসকীয় বিজেপিক সমালোচনা কৰি বিজেপি বিৰোধী দল তথা নেতাসকলক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে। এক টুইট যোগে কেজৰিৱালে কয়, “বিজেপি বিৰোধী নেতা আৰু দলসমূহক গোচৰ চলাই নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে।”

“কংগ্ৰেছৰ সৈতে আমাৰ মতানৈক্য আছে, কিন্তু এনেধৰণৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীক জড়িত কৰাটো সঠিক নহয়। প্ৰশ্ন কৰাটো জনসাধাৰণ আৰু বিৰোধীৰ কাম। আমি আদালতক সন্মান কৰো যদিও এই সিদ্ধান্তৰ সৈতে একমত নহয়।”— দিল্লীৰ মুখ্যমন্ত্রীগৰাকীয়ে লগতে কয়।

আপৰ আন এগৰাকী শীৰ্ষস্থানীয় নেতা তথা ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্ধাই গান্ধীৰ বিৰুদ্ধে ঘোষিত ৰায়ৰ বিৰোধিতা কৰি গণতন্ত্ৰত বিৰোধীৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে। বিৰোধীয়ে গণতন্ত্ৰৰ মূল ভেটি গঠন কৰে আৰু সেয়ে বিৰোধী মতক ৰুদ্ধ কৰিব নালাগে বুলি মন্তব্য কৰে চাদ্ধাই।

“ৰাহুল গান্ধীৰ বিৰুদ্ধে আদালতৰ ৰায়ৰ প্ৰতি সন্মানজনকভাৱে মতানৈক্য প্ৰকাশ কৰিছো। বিৰোধীয়ে গণতন্ত্ৰৰ মূল ভেটি গঠন কৰে। বিৰোধী মতক ৰুদ্ধ কৰা উচিত নহয়। ভাৰতত সমালোচনাৰ এক শক্তিশালী পৰম্পৰা আছে। ইয়াক এটা মতাদৰ্শ, এটা দল, এগৰাকী নেতাৰ দৃষ্টিকোণলৈ হ্ৰাস কৰাৰ প্ৰয়াস অসাংবিধানিক আৰু অগণতান্ত্ৰিক।”- এক টুইট যোগে চাদ্ধাই কয়।

উল্লেখ্য যে, জন্মলগ্নৰে পৰা আম আদমী পাৰ্টিয়ে কংগ্ৰেছৰ বিৰোধিতা কৰি আহিছে। বিগত সময়চোৱাতো বিভিন্ন বিষয়ত দুয়োটা দলে একে পক্ষ গ্ৰহণ কৰাৰ পৰা বিৰত আছিল। অতি শেহতীয়াকৈ সুৰা নীতিৰ কেলেংকাৰীৰ অভিযোগত চিবিআইয়ে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াক গ্ৰেপ্তাৰ কৰাৰ পাছতো এই বিষয়ত আপক সমৰ্থন কৰা নাছিল কংগ্ৰেছে।