NORTHEAST NOW (Assamese)

শৈক্ষিক প্ৰতিষ্ঠানে সুনাগৰিক গঢ়িব লাগিব : অসমৰ ৰাজ্যপাল

September 22, 2018 8:46 am ·

অসমৰ ৰাজ্যপাল অধাপক জগদীশ মুখীয়ে শুকুৰবাৰে ব্যক্ত কৰিছে যে শিক্ষাৰ মূল উদ্দেশ্য হ’ব লাগে সুনাগৰিক উৎপাদনশীল নাগৰিক গঢ়ি তোলাটো।

তেওঁ কয় যে য’ত ভাল ব্যক্তি সুনাগৰিক হয়, সেয়েই সভ্য সমাজ। এখন সভ্য সমাজত এটা প্ৰজন্মই আগন্তুক প্ৰজন্মৰ বাবে সমাজখন উন্নত কৰাৰ আশা কৰা যায়।

শৈক্ষিক প্ৰতিষ্ঠানসমূহে মানৱতাৰ বৃহত্তৰ কল্যাণৰ বাবে সুনাগৰিক গঢ়াৰ দায়িত্ব গ্ৰহণ কৰিব লাগে।

২১ ছেপ্টোম্বৰত গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ হীৰক জয়ন্তীত উপস্থিত থাকি ৰাজ্যপাল অধ্যাপক মুখীয়ে  কয় যে আৰ্য বিদ্যাপীঠৰ দৰে শিক্ষা প্ৰতিষ্ঠানসমূহে ছাত্ৰসকলৰ গঢ়নৰ সময়চোৱাত দিক নিৰ্দেশনা কৰি তেওঁলোকক ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় শৈক্ষিক প্ৰতিষ্ঠানসমূহৰলৈ প্ৰেৰম কৰি সামাজিক দায়বদ্ধতা পালন কৰিব লাগে।

তেওং আৰু কৈছে যে প্ৰাচীন ভাৰতত নালন্দা আৰু তক্ষশীলা বিশ্ববিদ্যালয় বিশ্বৰ শিক্ষাৰ কেন্দ্ৰস্থল আছিল। ইয়ালৈ ভাৰতৰ বাহিৰৰ ভিতৰৰ হাজাৰ হাজাৰ ছাত্ৰই অধ্যয়ন কৰিবলৈ আহিছিল। সেই সময়ৰ জ্যোতিৰ্বিদ্যাৰ পৰা গণিত আৰু নীতিশাস্ত্ৰলৈকে বিস্তৃত পাঠ্যক্ৰম আজিৰ বাবে অনুপ্ৰেৰণাৰ উৎস।

তেওঁ আৰু কয় যে প্ৰাচীন ভাৰতীয় ঐতিহ্যৰ সময় নিৰপেক্ষ জ্ঞানৰ পৰম্পৰাৰ ওপৰত যদি গৱেষণা কৰা যায় আমি আমাৰ সাংস্কৃতিক ঐশ্চৰ্যৰ গৌৰৱময় অতীতৰ বিষয়ে জানিব

ভাৰতৰ প্ৰাচীন গৌৰৱময় অতীতত পুনৰ্জীৱিত কৰাৰ বাবে ৰাজ্যপালগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়।

Related News