• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিহাৰৰ ‘ছুপাৰ থাৰ্টি’ৰ প্ৰতিষ্ঠাতা আনন্দ কুমাৰলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জাননী

এন ই নাও নিউজ by এন ই নাও নিউজ
September 22, 2018 9:21 am
kumar-pic-1-750x375

'ছুপাৰ থাৰ্টি'ৰ প্ৰতিষ্ঠাতা আনন্দ কুমাৰ। ফটো : দ্য হিন্দু ডটকমৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰৰ অতি প্ৰসিদ্ধ তথা জনপ্ৰিয় শৈক্ষিক প্ৰশিক্ষণ প্ৰতিষ্ঠান হিচাপে পৰিচিত হৈ পৰা ‘ছুপাৰ থাৰ্টী’ৰ লগতে ইয়াৰ প্ৰতিষ্ঠাতা আনন্দ কুমাৰৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীক প্ৰতাৰণা কৰা আৰু ‘ভুৱা প্ৰচাৰ’ চলোৱাৰ অভিযোগ তুলি গুৱাহাটী উচ্চ ন্যায়ালয়ত চাৰিজন আই আই টিয়ানে এখন জনস্বাৰ্থ জড়িত আবেদন দাখিল কৰিছে।

বহু শিক্ষাৰ্থীক আই আই টিৰ প্ৰৱেশ পৰীক্ষাত কৃতকাৰ্য হোৱাকৈ প্ৰশিক্ষণ দিয়াৰ খ্যাতি লাভ কৰি আহিছে বিহাৰৰ আনন্দ কুমাৰৰ ‘ছুপাৰ থাৰ্টি’য়ে।

Apply Now

গুৱাহাটী আই আই টিৰ অবিনাশ বড়ো আৰু অন্য তিনিজন শিক্ষাৰ্থীয়ে আনন্দ কুমাৰ তথা ‘ছুপাৰ থাৰ্টি’ৰ বিৰুদ্ধে আৰু তেওঁলোকৰ অভিযোগ সন্দৰ্ভত সঠিক তদন্ত কৰাই ব্যৱস্থা গ্ৰহণ কৰাটো বিচাৰি দাখিল কৰা জনস্বাৰ্থ জড়িত আবেদনখনৰ (৬২/২০১৮) ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ (ভাৰপ্ৰাপ্ত) অৰূপ কুমাৰ গোস্বামী আৰু ন্যায়াধীশ অজিত বৰঠাকুৰৰ খণ্ড বিচাৰপীঠে আনন্দ কুমাৰসহ মুঠ আঠটা পদকীয়া পক্ষলৈ জাননী জাৰি কৰিছে। আদালতে পদকীয়া পক্ষসমূহক ৮ সপ্তাহৰ ভিতৰত উত্তৰ দিয়াৰ নিৰ্দেশ দিছে।

আদালতে আনন্দ কুমাৰৰ লগতে তেওঁৰ সৈতে ২০০২ চনত ‘ছুপাৰ থাৰ্টি’ৰ অন্যতম প্ৰতিষ্ঠাতা তথা বিহাৰৰ প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান অভিয়ানন্দলৈয়ো জাননী জাৰি কৰিছে।

আবেদনকাৰী ছাত্ৰকেইজনৰ হৈ যুক্তি আগবঢ়োৱা জ্যেষ্ঠ অধিবক্তা ড০ অশোক ছাৰাফে আনন্দ কুমাৰে ভুৱা প্ৰচাৰেৰে দীৰ্ঘদিন ধৰি আই আই টি প্ৰত্যাশী শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকসকলৰ লগতে উত্তৰ-পূব আৰু দেশৰ সাধাৰণ লোককো প্ৰতাৰণা কৰিছে বুলি আদালতত যুক্তি দৰ্শায়।

তেওঁ আদালতক জনায় যে ‘ছুপাৰ থাৰ্টি’ সম্পৰ্কে আনন্দ কুমাৰে চলোৱা ভুৱা প্ৰচাৰত ভোল গৈ উত্তৰ-পূৰ্বাঞ্চল তথা দেশৰ অন্য স্থানৰ আৰ্থিকভাৱে দুৰ্বল বহু শিক্ষাৰ্থীয়ে আনন্দ কুমাৰৰ ওচৰলৈ যায়। কিন্তু তালৈ যোৱাৰ পিছত কুমাৰে শিক্ষাৰ্থীসকলক ‘ছুপাৰ থাৰ্টি’ৰ পৰিৱৰ্তে তেওঁ চলোৱা ‘ৰামানুজন স্কুল অব মেথেমেটিকছ’ নামৰ কোচিং প্ৰতিষ্ঠানত নামভৰ্তি কৰাই প্ৰতিজনৰ পৰা ৩৩ হেজাৰ টকালৈ মাচুল আদায় কৰে।

আনহাতে, আবেদনকাৰীৰ আনজন অধিবক্তা অমিত গোৱেলৰ মতে, নামভৰ্তি কৰাই দিয়াৰ পিছত আনন্দ কুমাৰে শিক্ষাৰ্থীসকলক সময় দিয়াৰ পৰিৱৰ্তে দেশ-বিদেশত ঘুৰি ফুৰে। তেওঁ জনোৱা মতে, ২০০৮ চনৰ পিছৰপৰা আনন্দ কুমাৰে  তেওঁৰ তথাকথিত ‘ছুপাৰ থাৰ্টি’ত পাঠদান কৰা নাই। কিন্তু আই আই টি প্ৰৱেশ পৰীক্ষাৰ ফল ঘোষণাৰ পিছত ৰামানুজনৰপৰা কৃতকাৰ্যতা লাভ কৰা শিক্ষাৰ্থীসকলকে ‘ছুপাৰ থাৰ্টি’ৰ শিক্ষাৰ্থী বুলি তেওঁ দাবী কৰি আহিছে।

তদুপৰি, আবেদনকাৰীয়ে লগতে যুক্তি দৰ্শায় যে ২০১৮ চনত আনন্দ কুমাৰে ‘ছুপাৰ থাৰ্টি’ৰ ৩০ গৰাকী শিক্ষাৰ্থীৰ ২৬ গৰাকীয়ে আই আই টি প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি দাবী কৰিছিল যদিও তেওঁ শিক্ষাৰ্থীসকলৰ নাম প্ৰকাশ কৰা নাছিল। এনেবোৰ অভিযোগৰ সন্দৰ্ভত আনন্দ কুমাৰ আৰু তেওঁৰ ‘ছুপাৰ থাৰ্টি’ৰ বিৰুদ্ধে সঠিক তদন্ত কৰাৰ লগতে সেই তদন্তৰ ভিত্তিত উপয়ুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে আদালতক অনুৰোধ জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd