স্বপ্নপূৰণ! পূৰ্বৰ ব্যৰ্থতা পাহৰি ইউ এছ অ’পেন খিতাপ দখল কৰিলে আৰিয়ানা ছাবালেংকাই

ইউ এছ অ’পেন চেম্পিয়নৰ খিতাপ দখল কৰিলে আৰিয়ানা ছাবালেংকাই। ফটোঃ সংগ্ৰহীত।

এইবাৰ সপোন পূৰণ হ’ল! “মই বাকৰুদ্ধ, কেতিয়াও আশা এৰি দিয়া নাছিলো। মোৰ সপোন পূৰণৰ বাবে মই বহুত ত্যাগ কৰিছো।” আৰিয়ানা ছাবালেংকাই কথাবোৰ সৰসৰাই কৈ গ’ল।

এইবাৰ ইউ এছ অ’পেন চেম্পিয়নৰ খিতাপ দখল কৰিলে ছাবালেংকাই। মাত্ৰ এবছৰৰ আগতে তেওঁ ফাইনেলত পৰাস্ত হৈছিল। ইয়াৰ পিছত কঠোৰ পৰিশ্ৰম কৰে। অৱশেষত তেওঁৰ সপোন বাস্তৱায়িত হ’ল। ইউ এছ অ’পেনৰ নতুন ৰাণী আৰিয়ানা ছাবালেংকা।

শনিবাৰে নিশা ইউ এছ অ’পেনৰ ফাইনেলত জেচিকা পেগুলাক ষ্ট্ৰেইট ছেটত পৰাস্ত কৰে বেলাৰুছৰ তাৰকাগৰাকীয়ে। যদিও ছাবালেংকাই ষ্ট্ৰেইট ছেটত জয়লাভ কৰিছিল, তথাপিও ফাইনেলত যুঁজখন একপক্ষীয় নাছিল। দুয়োটা ছেট টাইব্ৰেকাৰলৈ গৈছিল। দুবাৰেই শেষ হাঁহি মাৰিলে ছাবাই।

লগতে পঢ়কঃ ১৭ বছৰ বয়সতে মেছিৰ সৈতে তুলনা! নিজে কি ভাবে, উত্তৰ দিলে স্পেইনৰ লেমিন ইয়ামালে

ফাইনেলত ছাবাই ৭-৫, ৭-৫ ব্যৱধানত জয়লাভ কৰে। এইবাৰ প্ৰতিপক্ষ জেচিকাইও প্ৰথম গ্ৰেণ্ড শ্লেমৰ ফাইনেলত প্ৰৱেশ কৰিছিল। অভিজ্ঞ ছাবালেংকাৰ সন্মুখত তেওঁ চাপ চম্ভালিব পৰা নাছিল।

ইয়াৰ জৰিয়তে ছাবালেংকাই নিজৰ কেৰিয়াৰৰ তৃতীয়টো গ্ৰেণ্ড শ্লেম খিতাপ দখল কৰে। ২০২৩ আৰু ২০২৪ চনত দুবাৰকৈ অষ্ট্ৰেলিয়ান অ’পেন চেম্পিয়ন হৈছিল। তেওঁ প্ৰথমবাৰৰ বাবে ইউ এছ অ’পেনত জয়লাভ কৰে। ২৬ বছৰীয়া এইগৰাকী টেনিছ সুন্দৰী বৰ্তমান বিশ্বৰ দ্বিতীয় স্থানত আছে।

লগতে পঢ়কঃপেৰালিম্পিকত ‘বিতৰ্কিত পতাকা’ লৈ উল্লাস, সেয়ে বাতিল ইৰাণী খেলুৱৈ? জেভেলিনত স্বৰ্ণ জয় ভাৰতীয়ৰ!

এবছৰৰ পূৰ্বে এই ইউ এছ অ’পেনত ছাবালেংকাৰ সপোন ছিন্নভিন্ন হৈ পৰিছিল। চাৰ্ভিচ ফাইনেলত পৰাস্ত হোৱাৰ পিছত খিতাপ হেৰুৱাইছিল। আৱেগ নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। হতাশ হৈ লকাৰ ৰুমলৈ উভতি আহি ৰেকেট ভাঙি পেলাইছিল। এইবাৰ সেই হতাশা আনন্দত পৰিণত হ’ল। তেওঁ কয়, ‘মই সদায় এই সুন্দৰ ট্ৰফী জয় কৰাৰ সপোন দেখিছিলো। অৱশেষত জয়ী হ’লোঁ৷ বৰ গৌৰৱ অনুভৱ কৰিছো।”