কেন্দ্ৰ-ৰাজ্যত শাসনত থাকিও পঞ্চায়ত নিৰ্বাচনত সেমেকা ফল বিজেপিৰ

bjp winning fest.jpg 2

বিজেপিৰ ৰাজ্যিক কাৰ্যালায়ত দলীয় কৰ্মীৰ আনন্দ উল্লাস। ফটো : নৰ্থইষ্ট নাও

কেন্দ্ৰ আৰু ৰাজ্যত শাসনত থকা বিজেপিয়ে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত ভাল ফল দেখুওৱাটো সাধাৰণতে স্বাভাৱিক কথা। পূৰ্বৰ পঞ্চায়ত নিৰ্বাচনসমূহৰ ফলাফল চালেই এই কথা স্পষ্ট হয় যে শাসকীয় দলটোৱে অধিক আসন পোৱাটোৱেই এটা অঘোষিত নিয়ম। কিন্তু এইবাৰ এইক্ষেত্ৰত বিফল হ’ল ৰাজ্যৰ লগতে কেন্দ্ৰটো শাসনত থকা বিজেপি।

পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাত এই পৰ্য্যন্ত ৮০ শতাংশৰো অধিক আসনৰ ফল লাভ কৰা গৈছে আৰু ইয়াৰে শাসক দল বিজেপিয়েই পাইছে সৰ্বাধিক আসন। ফলাফলক লৈ দলটোৰ নেতা-কৰ্মী-সমৰ্থকৰ মাজত আনন্দ দেখা গৈছে। কিন্তু এই ফল এটা শাসক দলৰ ফল বুলি ধৰিলে তাক বিশেষ উৎসাহজনক বুলি ক’ব পৰা নাযায়।

কাৰণ পূৰ্বৰ পঞ্চায়ত নিৰ্বাচনবোৰত সদায়ে শাসক দলৰ সুন্দৰ ফলাফল দেখা গৈছিল। ২০১৩ চনৰ পঞ্চায়ত নিৰ্বাচনৰ সৈতে এইবাৰৰ নিৰ্বাচনৰ ফলাফল তুলনা কৰি চালেই এই কথা স্পষ্ট হৈ পৰে।

এতিয়ালৈ ঘোষিত ফলাফল অনুসৰি বিজেপিয়ে ৫০ শতাংশৰো কম আসনহে লাভ কৰিছে। লগতে বিজেপিৰ আসনৰ সৈতে বিৰোধী দল কংগ্ৰেছে লাভ কৰা আসনৰ সংখ্যাৰ পাৰ্থক্যও বৰ বেছি নহয়।

ৰাজ্যিক নিৰ্বাচন আয়ুক্তই জনোৱা তথ্য অনুসৰি, এতিয়ালৈ ঘোষণা হোৱা জিলা পৰিষদৰ সদস্য পদৰ ৩৪৭ খন আসনৰ বিজেপিয়ে লাভ কৰিছে ১৮১ খন। অৰ্থাৎ ৫২.৬১ শতাংশ আসন বিজেপিয়ে লাভ কৰিছে। কিন্তু ২০১৩ চনত তেতিয়াৰ শাসকদল কংগ্ৰেছে লাভ কৰিছিল ৬৫.৫১ শতাংশ আসন।

একেদৰে, এতিয়ালৈ ঘোষিত ১,৮৬০ টা আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বিজেপি প্ৰাৰ্থী জয়ী হৈছে ৮৮৩ টাত, অৰ্থাৎ ৪৭.৪৭ শতাংশত। কিন্তু এই পদত যোৱাবাৰৰ শাসক দল কংগ্ৰেছ প্ৰাৰ্থী জয়ী হৈছিল ৫২.৭৯ শতাংশত।

ইয়াৰ উপৰি, বাতৰি লিখা পৰলৈ ঘোষণা হোৱা ১,৮৮১ টা গাঁও পঞ্চায়তৰ সভাপতি পদৰ ফলাফল অনুসৰি শাসক দল বিজেপিয়ে লাভ কৰিছে ৮৬৭ টা, অৰ্থাৎ ৪৬.০৯ শতাংশ। কিন্তু ইয়াৰ বিপৰীতে ২০১৩ চনত শাসক দল কংগ্ৰেছে লাভ কৰিছিল ৫৩.২৯ শতাংশ।

লগতে বৰ্তমানলৈ ঘোষণা হোৱা ১৭,৬৭৭ টা গাঁও পঞ্চায়তৰ সদস্য পদৰ বিজেপিয়ে লাভ কৰিছে ৭,৫৪০ টাত। অৰ্থাৎ এতিয়ালৈ বিজেপিৰ মাত্ৰ ৪২.৬৫ শতাংশ পঞ্চায়ত সদস্য প্ৰাৰ্থীহে জয়লাভ কৰিছে।

এই সন্দৰ্ভত আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ মুকুল শৰ্মাই কয়, “দিচপুৰ যাৰ পঞ্চায়ত তাৰ বুলি এষাৰ প্ৰচলিত কথা আছে। কিন্তু সেই কথা এইবাৰ সঁচা প্ৰমাণিত নহ’ল। কংগ্ৰেছ শাসনত থকা সময়ত পঞ্চায়ত নিৰ্বাচনত বিৰোধী দলসমূহ ধূলিস্যাৎ হৈ গৈছিল। সেইমতে এইবাৰৰ পঞ্চায়তত আমি ধূলিস্যাৎ হৈ যাব লাগিছিল। কিন্তু তাৰ বিপৰীতে আমাৰ ফলাফল ভালহে হ’ল। বিজেপিতকৈ কংগ্ৰেছে অলপ কিছু আসনহে কম পাইছে’।

এই তুলনাৰ পৰা দেখা যায় যে শাসক দল হিচাপে পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ প্ৰদৰ্শনক সেমেকা ধৰণৰ সফলতা বুলিবহে পাৰি। হেলিকপ্তাৰ লৈ চাৰিওফালে অভূতপূৰ্ব প্ৰচাৰ চলোৱা দলটোৰ জয় অধিক জিলিকি উঠা হোৱাটোৱে কাম্য আছিল যদিও বিভিন্ন কাৰকে তাত বাধা দিয়া বুলি ভাবিব পাৰি।