গণ সংক্ৰমণত উদ্বিগ্ন কেৰালা; পুনৰ কঠোৰ লকডাউনৰ মাজলৈ ঘুৰি গৈছে ৰাজ্য

WhatsApp Image 2020-07-18 at 9.36.34 AM

প্ৰতিনিধিত্বমূলক ফটো।

কৰ’না সংক্ৰমণ মোকাবিলা কৰাৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি বিশ্বজুৰি প্ৰশংসা লাভ কৰা কেৰালাত নতুনকৈ আৰম্ভ হোৱা কৰ’না সংক্ৰমণৰ ঘটনাই ৰাজ্যখনক উদ্বিগ্ন কৰি তুলিছে।

শুকুৰবাৰে কেৰালা চৰকাৰে ৰাজ্যখনত গণ সংক্ৰমণ আৰম্ভ হোৱাৰ কথা সদৰী কৰিছে।

ৰাজ্যখনৰ মুখ্য মন্ত্ৰী পিনাৰাই বিজয়নে তিৰুৱনন্তপুৰম জিলাৰ উপকূলীয় তিনিটা অঞ্চলত গণ সংক্ৰমণ হোৱাৰ কথা প্ৰকাশ কৰিছে।

শেহতীয়াকৈ ৰাজ্যখনত নতুনকৈ প্ৰায় ৮০০জন লোক কৰ’নাত আক্ৰান্ত হৈছে আৰু ৰাজ্যখনত আক্ৰান্তৰ সংখ্যাই ১১হাজাৰ অতিক্ৰম কৰিছে।

সংবাদমেলত মুখ্য মন্ত্ৰী বিজয়নে জানিবলৈ দিয়ে যে তিৰুৱনন্তপুৰম জিলাৰ উপকূলীয় পুল্লুভিলা আৰু পোনথুৰা অঞ্চলত গণ সংক্ৰমণৰ তথ্য পোৱা গৈছে।

পৰিস্থিতিলৈ লক্ষ্য ৰাখি তিৰুৱনন্তপুৰমৰ উপকূলীয় অঞ্চলত শনিবাৰৰ পৰা সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে।

আনহাতে, ৰাজ্যখনত পুনৰ ব্যাপক কোভিড টেষ্ট আৰম্ভ কৰা হৈছে। উপকূলীয় অঞ্চলত এই পৰীক্ষাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে।

কিয়নো এই অঞ্চলসমূহত গণ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে।

মুখ্য মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে কাৰিনকুলমৰ পাল্লুভিলাত পৰীক্ষা কৰা ৯৭টা নমুনাৰ ভিতৰত ৫১টা পজিটিভ ধৰা পৰিছে।

ইপিনে, পোনথুৰাৰ আয়ুস চেন্টাৰত পৰীক্ষা কৰা ৫০টা নমুনাৰ ভিতৰত ২৬টা পজিটিভ পোৱা গৈছে।

সেইদৰে, পুথুকুৰিছেৰিত পৰীক্ষা কৰা ৭৫টা নমুনাৰ ভিতৰত ২০টা পজিটিভ চিনাক্ত হৈছে।

এনেদৰে এই অঞ্চলত গণ সংক্ৰমণৰ ঘটনা আৰম্ভ হোৱাত উদ্বিগ্ন হৈ পৰিছে কেৰালা চৰকাৰ। সেয়েহে, সংক্ৰমণ ৰোধ কৰিবলৈ কঠোৰ লকডাউনৰ পোষকতা কৰিছে ৰাজ্য চৰকাৰখনে।