NORTHEAST NOW (Assamese)

AIIMSৰ গৱেষকৰ দাবী; কোভিশ্বিল্ড, কোভাক্সিন ল’লেও কৰ’নাৰ ডেল্টা ষ্ট্ৰেইনে ঘটাব পাৰে সংক্ৰমণ!

June 11, 2021 8:34 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

দেশত কৰ’নাৰ দ্বিতীয়টো ঢৌৰ বাবে ডেল্টা ষ্ট্ৰেইনকে দায়ী কৰা হয়। ভাৰতত এই B.1.617.2 ভেৰিয়েন্টটো প্ৰথম পোৱা গৈছিল। এইমছৰ গৱেষকসকলে দাবী কৰে যে কোভিশ্বিল্ড, কোভাক্সিনৰ এটা বাদুটা ড’জ ল’লেও শৰীৰত এই ডেল্টা ষ্ট্ৰেইনে সংক্ৰমণ ঘটাব পাৰে।

এইমছৰ উপৰি নেশ্যনেল চেন্টাৰ ফৰ ডিজিজ কন্ট্ৰ’লৰ গৱেষকসকলেও একেই দাবী কৰিছে।

সংস্থা দুটাই এই গৱেষণাৰ বাবে মুঠ ৬৩জন লোকৰ নমুনা সংগ্ৰহ কৰিছিল। ইয়াৰে ১০জনে কোভিশ্বিল্ড আৰু ৫৩জনে কোভাক্সিনৰ ড’জ গ্ৰহণ কৰিছিল। তাৰ ভিতৰত আকৌ ৩৬জনেই ভেকচিনৰ দুয়োটা ড’জ লৈছিল।

ইয়াত দেখা গৈছে যে যিসকলে দুটা ড’জ লৈছে তেওঁলোকৰ ৬০শতাংশৰ আৰু এটা ড’জ নিয়াৰ পাছত ৭৬.৯শতাংশৰ শৰীৰত ডেল্টা ষ্ট্ৰেইন পোৱা গৈছে। অৱশ্যে এই পৰ্যবেক্ষণৰ বিশদ তথা চূড়ান্ত অধ্যয়ন কৰা হোৱা নাই।

কৰ’নাৰ এই শক্তিশালী ভেৰিয়েন্টৰ প্ৰথম সন্ধান পোৱা গৈছিল যোৱা বছৰ অক্টোবৰ মাহতেই। গৱেষণা অনুসৰি এই ষ্ট্ৰেইনটোৱে আন ষ্ট্ৰেইনতকৈ দ্ৰুতভাৱে সংক্ৰমণ ঘটাব পাৰে।  আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনেও দেশখনৰ নাগৰিকসকলক ডেল্টা ষ্ট্ৰেইন সম্পৰ্কে সতৰ্ক কৰি দিছিল।

উল্লেখ্য যে গৱেষকসকলে এটা কথা স্পষ্ট কৰি দিছে যে কৰ’নাক ৰোধ কৰিবলৈ টীকাকৰণৰ বিকল্প পথ নাই। কোভিড বিধি মানি চলি টীকাকৰণৰ জৰিয়তেই কৰ’নাৰ সংক্ৰমণৰ পৰা হাত সৰাৰ সম্ভাৱনা আটাইতকৈ বেছি।

Related News